সূৰ্যৰ ১১ বছৰীয়া সৌৰ চক্ৰ যিমানেই অন্ত পৰাৰ দিশে আগবাঢ়িছে সিমানেই সূৰ্যৰ বুকুত বিস্ফোৰণ আৰু তাৰ ফলত সৃষ্টি হোৱা সৌৰ ধুমুহাই ভয়াৱহ ৰূপ ল’বলৈ ধৰিছে৷ শেহতীয়াকৈ ৰাছিয়াৰ বিজ্ঞানীয়ে এইবুলি সতৰ্ক কৰি দিছে যে এক শক্তিশালী সৌৰ শিখাই পৃথিৱীৰ ব্যাপক ক্ষতিসাধন কৰিব পাৰে৷ ইয়াৰ ফলত পৃথিৱীৰ যোগাযোগ ব্যৱস্থাত ব্যাপক প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে৷ ৰাছিয়াৰ বিজ্ঞানীসকলে সূৰ্যৰ পৰা তিনিবাৰ সৌৰ শিখা ওলোৱা দেখা পাইছে৷ মস্কোস্থিত ফেডোৰোভ ইন্ষ্টিটিউট অব্ এপ্লাইড জিয়’ফিজিক্সৰ বিজ্ঞানীসকলৰ মতে সূৰ্যৰ পৰা নিৰ্গত হোৱা সৌৰ শিখা এক্স-শ্ৰেণীৰ আৰু ইয়াক অত্যন্ত শক্তিশালী বুলি ধৰা হয়৷ ইয়াৰ ফলত শ্বৰ্ট ৱেভ ৰেডিঅ’ তৰংগ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ সাধাৰণতে শ্বৰ্ট ৱেভ ৰেডিঅ’ ফ্ৰিকুৱেন্সী সেনা বাহিনী, সামুদ্ৰিক পৰিবহণ আদিত ব্যৱহাৰ কৰা হয়৷