জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱআগতীয়াকৈ ফুলিছে ফুল

0
451


জলবায়ু পৰিৱৰ্তন তথা বিশ্বৰ উষ্ণতা বৃদ্ধিয়ে এতিয়া উদ্ভিদকো প্ৰভাৱিত কৰিছে৷ ইয়াৰ ফলত ভালেমান গছত আগতীয়াকৈ ফুল ফুলিবলৈ লৈছে আৰু ইয়াৰ লগে লগে প্ৰজনন প্ৰক্ৰিয়াও আগতীয়াকৈ হ’বলৈ ধৰিছে৷ ইয়াৰ ফলত কম ফল লগা দেখা পোৱা গৈছে৷ পি এন এ এছ নামৰ বাৰ্তালোচনীখনৰ শেহতীয়া সংস্কৰণত প্ৰকাশ পোৱা এখন প্ৰতিবেদনত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীসকলে এই কথা প্ৰকাশ কৰিছে৷ বিজ্ঞানীসকলে কৰা শেহতীয়া অধ্যয়নত উদ্ভিদৰ এক নতুন প্ৰণালী দেখিবলৈ পাইছে৷ এই প্ৰণালীটোক উদ্ভিদে তাপমাত্ৰা অনুভৱ কৰাৰ বাবে ব্যৱহাৰ কৰে আৰু ই উদ্ভিদৰ বংশ বৃদ্ধি, ফুল ফুলা আৰু বীজ উৎপাদন কৰাৰ প্ৰক্ৰিয়াটোত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰাত সহায় কৰিব পাৰে৷ বিজ্ঞানীসকলে জানিব পৰা মতে উদ্ভিদৰ জৈৱিক ঘড়ীয়ে ফুল ফুলাৰ বাবে প্ৰয়োজন হোৱা এবিধ প্ৰ’টিন আগতীয়াকৈ এৰিবলৈ লৈছে৷ ফলত ফুল সময়তকৈ আগতে ফুলিবলৈ ধৰিছে৷ ই এল এফ ৩ নামৰ এই প্ৰ’টিনবিধে গছৰ ফুল ফুলাত সহায় কৰে৷ এই প্ৰ’টিনবিধে সূৰ্যৰ ৰশ্মি আৰু তাপমানৰ অভ্যন্তৰীণ বিকাশৰ সংমিশ্ৰণ কৰি ফুল ফুলোৱা জিনৰ আচৰণ নিয়ন্ত্ৰণ কৰে আৰু ফুল কেতিয়া ফুলিব সেইটো নিৰ্ধাৰণ কৰে৷ গৱেষকসকলে এবিধ উদ্ভিদৰ তাপমাত্ৰা বৃদ্ধি পোৱাৰ লগে লগে ই এল এফ ৩ প্ৰ’টিনৰ কাম কৰাৰ আণৱিক পৰ্যায়ক প্ৰণালীক লৈ অধ্যয়ন কৰিছিল৷ ইয়াৰ পৰা তেওঁলোকে জানিব পাৰে যে তাপমাত্ৰা বৃদ্ধিৰ লগে লগে ই এল এফ৩ প্ৰ’টিন ফেজ ছেপাৰেশ্যন প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হয়৷ তেওঁলোকৰ মতে, তাপমাত্ৰা বৃদ্ধিৰ লগে লগে ফেজ ছেপাৰেশ্যনৰ প্ৰক্ৰিয়াটোৰ সময়ত গছৰ দ্ৰুত বৃদ্ধি আৰু আগতীয়াকৈ ফুল ফুলাৰ প্ৰক্ৰিয়াও আৰম্ভ হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here