ভুৱনেশ্বৰস্থিত এইমছলৈ আমন্ত্ৰিত ডাঃ অৰূপ কুমাৰ নাথ

0
874

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট ইউৰ’লজিষ্ট ডাঃ অৰূপ কুমাৰ নাথ শেহতীয়াকৈ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ্), ভুৱনেশ্বৰলৈ Operating Faculty হিচাপে আমন্ত্ৰিত হয়। এইমছ্, ভুৱনেশ্বৰত ২১ জুলাইৰ পৰা ২৩ জুলাইলৈ অনুষ্ঠিত FFUS mid-term conference আৰু scientific workshop-ত ডাঃ অৰূপ কুমাৰ নাথে থুলিয়াম ফাইবাৰ লেজাৰৰ প্ৰয়োগেৰে প্ৰ’ষ্টেটৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰি দেখুৱায়। ডাঃ নাথৰ প্ৰদৰ্শনত উপস্থিত সকলো ইউৰ’লজিষ্টে তেওঁক ভূয়সী প্ৰশংসা কৰে। “Female and Functional Urology” – শীৰ্ষক এই অনুষ্ঠানত দেশৰ ভিন্ন প্ৰান্তৰ শতাধিক বিশেষজ্ঞ চিকিৎসকে অংশগ্ৰহণ কৰে।
সম্প্ৰতি ডাঃ অৰূপ কুমাৰ নাথ ইনষ্টিটিউট অব্ ইউৰ’লজি এণ্ড কিডনী ডিজিজেজৰ পৰিচালন সঞ্চালক তথা মুখ্য ইউৰ’লজি বিশেষজ্ঞ হিচাপে কৰ্মৰত। উল্লেখ্য যে লেজাৰৰ প্ৰয়োগেৰে ইউৰ’লজিৰ বিভিন্ন জটিল ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ডাঃ অৰূপ কুমাৰ নাথে উত্তৰ-পূৰ্বাঞ্চলত একপ্ৰকাৰ বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে। সেয়ে বহু শুভাকাংক্ষীয়ে তেওঁক উত্তৰ-পূৰ্বাঞ্চলৰ লেজাৰমেন হিচাপে আখ্যা দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here