গ্ৰহাণুৰ খনিজ পৃথিৱীলৈঅনাৰ কৌশল উদ্ভাৱন

0
419


বিশ্বব্ৰহ্মাণ্ড খনিজ পদাৰ্থৰে ভৰপূৰ হৈ আছে৷ বিশেষকৈ বৃহস্পতি আৰু মঙল গ্ৰহৰ মাজত থকা গ্ৰহাণুৰ বেল্টত থকা কেইবা লাখ গ্ৰহাণুৰ একাংশ খনিজাত পদাৰ্থৰ ভাণ্ডাৰ বুলি কোৱা হৈছে৷ শেহতীয়াকৈ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই ১৬-চাইকী নামৰ এটা গ্ৰহাণু চিনাক্ত কৰিছিল৷ ইয়াত খনিজ হিচাপে বৃহৎ পৰিমাণৰ লো আছে বুলি কোৱা হৈছে৷ এই লোৰে সমগ্ৰ বিশ্বৰে অভাৱ পূৰণ কৰিব পৰা যাব৷ এনে ধৰণক কেইবা লাখ গ্ৰহাণু খনিজ সম্পদৰে পূৰ্ণ হৈ আছে৷ সেয়েহে এতিয়া সমগ্ৰ বিশ্বৰে ব্যক্তিগত কোম্পানীয়ে স্পেচ মাইনিং, অৰ্থাৎ মহাকাশত খননত অধিক গুৰুত্ব আৰোপ কৰিছে৷ নাছাৰ মতে, এই গ্ৰহাণুবোৰত কেৱল লোৱেই নহয়, সোণ, টাইটেনিয়াম আৰু প্লেটিনামৰ দৰে মূল্যৱান ধাতুও আছে৷ এতিয়া ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে গ্ৰহাণুবোৰত খনন চলোৱাৰ বাবে প্ৰতিযোগিতাত নামি পৰিছে৷ ইয়াৰ কাৰণ হ’ল যিয়েই আগতে এই খনিজ সম্পদ থকা গ্ৰহাণুত প্ৰথমে খনন চলাব পাৰিব তাত থকা খনিজৰ অধিকাৰ তাৰেই হ’ব৷ মহাকাশত মূল্যৱান ধাতু তথা খনিজ সম্পদ থকা আৰু ইয়াৰ খননৰ সম্ভাৱনাৰ বিষয়ে সৰ্বপ্ৰথমে প্ৰকাশ কৰিছিল আমেৰিকাই৷ এই সন্দৰ্ভত দেশখনে ২০১৫ চনত এখন আইনো প্ৰণয়ন কৰে৷ এতিয়া ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত খনন কাৰ্য কৰাৰ উপায় উলিওৱাৰ চেষ্টা কৰি আছে৷ এই কোম্পানীবোৰে এনেকুৱা প্ৰযুক্তি কৌশলৰ বিকাশৰ চেষ্টা কৰি আছে, যাৰ সহায়ত ৰব’টিক প্ৰক্ৰিয়াৰে বিভিন্ন গ্ৰহাণুত খনিজ সম্পদৰ খনন কৰিব পাৰি৷ ইয়াৰ উপৰি খনন কৰা খনিজৰ পৰিশোধন কৰা আৰু তাৰ পৰা পৃথিৱীলৈ কঢ়িয়াই অনাৰ কৌশল উদ্ভাৱনৰ চেষ্টাও কৰি থকা গৈছে৷ নাছাৰ মতে, বিশ্ব ব্ৰহ্মাণ্ডত থকা গ্ৰহাণুবোৰত খনিজ সম্পদৰ খনন সম্ভৱ৷ কিন্তু এতিয়া খনন, পৰিশোধন আৰু পৰিবহণৰ কৌশলৰ বিকাশ কৰাৰ প্ৰয়োজন

LEAVE A REPLY

Please enter your comment!
Please enter your name here