যোৱা কেইদিনমানত বিশ্বৰ কেইখনমান দেশত গ্ৰীষ্ম প্ৰবাহ দ্ৰুত গতিত বাঢ়িবলৈ লৈছে৷ ইতিমধ্যে গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপত ইটালিৰ ৰোমৰে ধৰি বিশ্বৰ ১৬ খন চহৰত চৰকাৰে ৰেড এলাৰ্ট জাৰি কৰিছে৷ তাৰ ভিতৰত স্পেইনতো ক্ৰমাৎ গ্ৰীষ্ম প্ৰবাহ বাঢ়িবলৈ ধৰিছে আৰু ইয়াত বৰষুণৰ মাত্ৰা যথেষ্ট পৰিমাণে কমি গৈছে৷ ইয়াৰ মাজতে স্পেইনৰ কেনেৰি থাইলেণ্ডৰ লা পালমাত বনজুই জ্বলে আৰু এই বনজুই দ্ৰুত গতিত এটা বিস্তৰ এলেকালৈ হঠাতে বিয়পি পৰে৷ স্পেইনৰ কতৃৰ্পক্ষই লা পালমাৰ পৰা ইতিমধ্যে ২৫০০ৰো অধিক লোকক উক্ত স্থানৰ পৰা স্থানান্তৰিত কৰিছে৷ লা পালমাৰ ৪৫০০ হেক্টৰ বনাঞ্চল বনজুয়ে গ্ৰাস কৰে৷ আনহাতে উক্ত বনজুই বিয়পি পৰা লগে লগে তিনি শতাধিক অগ্নিনিৰ্বাপক গাড়ীৰে এলেকাটোত জুই নিৰ্বাপণৰ বাবে চেষ্টা চলায়৷ উল্লেখ্য যে স্পেইনত হোৱা প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ, বতাহ আৰু জলবায়ুৰ পৰিৱৰ্তনৰ ফলতে এই বনজুই বিপয়াত ইন্ধন যোগাইছে৷ আনহাতে ২০২২ চনত স্পেইনত প্ৰায় ৫০০ বনজুই জ্বলিছিল আৰু তিনি লাখ হেক্টৰতকৈও অধিক ভূমিৰ বনাঞ্চল আৰু অন্যান্য সম্পদ ধবংস হৈছিল৷