পৃথিৱীখনৰ আধা অংশই পানীয়ে আগুৰি আছে আৰু এই পানীভাগৰ সিংহভাগেই মহাসমুদ্ৰৰ দখলত৷ বিশ্বজুৰি যি স্থলভাগ আছে, তাৰ তিনিগুণৰ ওপৰত আছে পানী৷ জানিব পৰা মতে, এই মহাসমুদ্ৰৰ অনন্ত জলৰাশিৰ ৰঙৰ পৰিৱৰ্তন হ’বলৈ ধৰিছে৷ বিজ্ঞানীসকলে জনাইছে যে ইতিমধ্যে মহাসমুদ্ৰৰ ৫৬ শতাংশ পানীৰ বৰণ সলনি হৈছে আৰু এই প্ৰক্ৰিয়াটো মাত্ৰ ২০ বছৰৰ ব্যৱধানত আৰম্ভ হৈেছ৷ সাগৰৰ পানীৰ ৰং কিহৰ পৰা কিধৰণৰ হৈছে তাকো বিজ্ঞানীয়ে সদৰী কৰিছে৷ মাৰ্কিন যুক্তৰাষ্ট˜ৰ এম আই টি তথা ব্ৰিটেইনৰ নেশ্যনেল অ’ছিয়ানোগ্ৰফি চেণ্টাৰৰ বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে ৫৬ শতাংশ সাগৰৰ পানী ৰং নীলাৰ পৰা সলনি হৈ বগা হৈ গৈছে৷ বিজ্ঞানীসকলে ইয়াৰ প্ৰধান কাৰণ হিচাপে বিশ্বৰ উষ্ণায়নৰ প্ৰভাৱৰ ফলতে বুলি মত প্ৰকাশ কৰিছে৷ মানুহৰ ভুলৰ বাবে বিশ্বৰ উষ্ণায়ন বিগত ২০ বছৰত যিদৰে দ্ৰুতভাৱে বাঢ়িছে৷ তাৰ ফলত ভুগিব লগা হৈছে পৃথিৱীৰ পানীভাগেও৷ বিজ্ঞানীসকলে সদৰী কৰা মতে এইদৰে বিশ্বৰ উষ্ণায়ন প্ৰভাৱৰ ফলত অনাগত দিনত বাকী পানীভাগৰো ৰঙৰ পৰিৱৰ্তন যে হ’ব, সেয়া নিশ্চিত৷ বিজ্ঞানীসকলে পানীৰ এই ৰঙৰ পৰিৱৰ্তন প্ৰক্ৰিয়াটো অশনি সংকেত হিচাপে চিহ্নিত কৰিছে৷ তেওঁলোকৰ মতে সমুদ্ৰৰ পানীৰ ৰং সলনি হোৱাটো সেই সমুদ্ৰৰ পানীৰ বাস্তুতন্ত্ৰ বুলি কৈছে৷ পানীৰ ৰঙৰ পৰিৱৰ্তন হৈছে মানে পানীৰ বাস্তুতন্ত্ৰৰো পৰিৱৰ্তন হৈছে৷ সহজ কথাত ক’বলৈ গ’লে ইয়াৰ ফলত পানীৰ চৰিত্ৰ সলনি হৈছে, যি একেবাৰে ভাল ইংগিত নহয়৷ আচলতে মানুহে নিজে সৃষ্টি কৰা বিশ্ব উষ্ণায়নৰ ফলতে স্থলভাগতকৈও জলভাগৰ পানীৰ ৰঙৰ পৰিৱৰ্তন হৈছে৷ সমুদ্ৰৰ পানীৰ বৰণ সলনিৰ কথাটো উপগ্ৰহৰ পৰা পোৱা চিত্ৰসমূহৰ পৰা জানিব পৰা গৈছে৷