নিঃসংগতা কাৰো কাৰণে ভাল নহয়৷ বিশেষকৈ ৰুগীয়া লোকৰ বাবে নিঃসংগতাই অধিক প্ৰভাৱিত কৰে৷ কিন্তু শেহতীয়াকৈ কৰা এটা অধ্যয়নৰ পৰা জানিব পৰা মতে, নিঃসংগতা বহুমূত্ৰ ৰোগীৰ কাৰণে প্ৰাণঘাতক হ’ব পাৰে৷ টুলিনৰ গৱেষকসকলে কৰা অধ্যয়নৰ পৰা জানিব পৰা মতে, বহুমূত্ৰ ৰোগীৰ ক্ষেত্ৰত অনুচিত আহাৰ, ধুমপান কৰা আৰু শাৰীৰিক পৰিশ্ৰম নকৰা বা মানসিক চাপতকৈ অধিক বিপজ্জনক নিঃসংগতাহে৷ ইউৰোপিয়ান হাৰ্ট জাৰ্নেলত প্ৰকাশ পোৱা এখন প্ৰতিবেদনত এই বুলি কোৱা হৈছে যে ৩৭-৭৩ বছৰ বয়সৰ বহুমূত্ৰ হোৱা ১৮,৫০০ লোকক লৈ এই অধ্যয়নটো কৰা হৈছিল৷ প্ৰথম অৱস্থাত তেওঁলোকৰ কাৰো হৃদৰোগ হোৱা নাছিল৷ কিন্তু দহ বছৰৰ পাছত ইয়াৰে ৩২০০ জন লোক হৃদৰোগত আক্ৰান্ত হয়৷ গৱেষকসকলে অধ্যয়নটোৰ পৰা জানিব পৰা মতে, যিসকল লোক অধিক সময় নিঃসংগ হৈ আছিল তেওঁলোকৰ হৃদৰোগ হোৱাৰ আশংকা ৪ শতাংশ বৃদ্ধি পাইছিল৷ গৱেষকসকলৰ মতে, অৱশ্যে নিঃসংগ নোহোৱাকৈ সামাজিকভাৱে এঘৰীয়া হোৱাৰ সৈতে হৃদৰোগৰ কোনো সম্পৰ্ক নাই৷ উল্লেখ্য যে নিঃসংগতাই বহুমূত্ৰ ৰোগ নোহোৱা লোকৰো হৃদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে বুলি পূৰ্বতেও কোৱা হৈছে৷ আনহাতে বহুমূত্ৰ ৰোগত ভোগা লোকৰ হৃৎপিণ্ডৰ লগত জড়িত ৰোগত ভোগাৰ আশংকা থাকে৷ মেডিকেল জাৰ্নেল ডায়’বেট’লজিয়াত প্ৰকাশ পোৱা এটা অধ্যয়নৰ পৰা জানিব পৰা মতে, নিঃসংগতাই টাইপ-২ বহুমূত্ৰ ৰোগ হোৱাৰ আশংকা বৃদ্ধি কৰে৷ আমেৰিকাৰ ছাৰ্জন জেনেৰেল বিবেক মূৰ্তিয়ে এখন প্ৰতিবেদন উল্লেখ কৰিছিল যে সামাজিকভাৱে কম সক্ৰিয় হৈ থকা লোকৰ মানুহৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায় আৰু ই এদিনত ১৫টা চিগাৰেট সেৱন কৰাৰ সমান হয়৷ বহুমূত্ৰ ৰোগত আক্ৰান্ত লোকসকলে সামাজিক কাম-কাজৰ পৰিৱৰ্তে আনৰ সৈতে সম্পৰ্ক স্থাপনতহে অধিক গুৰুত্ব দিব লাগে বুলি কোৱা হৈছে৷