ভাৰতত ১৫ বছৰত ৪১.৪কোটি লোক হ’ল দাৰিদ্ৰ্যমুক্ত

0
749

২০০৫-০৬ চনৰ পৰা ২০১৯-২০ চনলৈ মাত্ৰ ১৫ বছৰত ভাৰতত ৪১.৫ কোটি লোকে দৰিদ্ৰতাৰ পৰা পৰিত্ৰাণ পালে৷ বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশখনৰ  উল্লেখনীয় সফলতাৰ আলোকপাঠ কৰি ৰাষ্ট্ৰসংঘই এই কথা প্ৰকাশ কৰে৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী আৰু অক্সফ’ৰ্ড দৰিদ্ৰতা আৰু মানৱ উন্নয়ন  উদ্যোগে বহুমাত্ৰিক দৰিদ্ৰতা সূচকাংক চমুকৈ এম পি আইৰ শেহতীয়া তথা প্ৰকাশ পাইছে৷ এই প্ৰতিবেদনখনত কোৱা হৈছে যে ভাৰতকে ধৰি ২৫খন দেশে দ্ৰুত প্ৰগতি সম্ভৱ কৰি তুলি যোৱা ২৫ বছৰত সফলতাৰে নিজৰ এম পি আই অৰ্থাৎ বহুমাত্ৰিক দাৰিদ্ৰ্যৰ মান আধা কৰিবলৈ সক্ষম হৈছে৷ ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা শেহতীয়া তথ্য মতে  ২০০৫-০৬ চনৰ পৰা ২০১৯-২০ চনলৈ ভাৰতত ৪১.৫ কোটি লোক দাৰিদ্ৰ্য সীমাৰেখাৰ বাহিৰলৈ আহিল৷ ২০০৫-০৬ চনৰ ৫৫.১ শতাংশৰ পৰা দৰিদ্ৰতাৰ হাৰ ২০১৯-২০ চনত ১৬.৪ শতাংশলৈ হ্ৰাস পালে৷ প্ৰতিবেদন মতে বহুমাত্ৰিক দৰিদ্ৰতাৰ সূচকাংকত সকলো সূচকতে ভাৰতৰ অনাটন কমি আহিছে৷ প্ৰতিবেদন মতে ভাৰতত পৰিপুষ্টি সূচকৰ অধীনত বহুমাত্ৰিকভাৱে দৰিদ্ৰ আৰু অভাৱী লোকৰ সংখ্যা ২০০৫-০৬ চনৰ ৪৪.৩ শতাংশৰ পৰা ২০১৯-২০ চনৰ ১১.৯ শতাংশলৈ হ্ৰাস পালে৷ তেনেদৰে শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে ৪.৫ শতাংশৰ পৰা ১.৫ শতাংশলৈ৷ আনহাতে ৰন্ধনৰ ইন্ধনৰ অভাৱী লোকৰ সংখ্যা ৫২.৯ শতাংশৰ পৰা ১৩.৯ শতাংশলৈ তথা অনাময় ব্যৱস্থাৰ অভাৱী লোকৰ সংখ্যা ৫০.৫ শতাংশৰ পৰা ১১.৩ শতাংশলৈ হ্ৰাস পাইছে৷ প্ৰতিবেদনখন মতে বিশ্বৰ ১১০ খন দেশৰ ৬১০ কোটি লোকৰ মাজৰ ১১০ কোটি লোক অৰ্থাৎ ১৮ শতাংশ বহুমাত্ৰিক দৰিদ্ৰতাত বাস কৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here