পুৱা উঠি উঠিয়েই মুখ-হাত ধুই ধোঁৱা বলি থকা একাপ চাহ খোৱাটো সকলোৱে অভ্যাস৷ তাৰ পাছতহে দিনটোৰ আন কামবোৰ কৰা হয়৷ ৰাতিপুৱাৰ চাহকাপে মানুহজনৰ সতেজ আৰু সজীৱ কৰি তোলে৷ পুৱা চাহ কাপে তেওঁক গোটেই দিনটোৰ ফ্ৰেচ কৰি ৰাখে৷ সাধাৰণতে দিনত দুই তিনি কাপ চাহ সকলোৱে খায় যদিও কিছুমানে আকৌ দিনটোৰ ভিতৰত ১০-১২ কাপপৰ্যন্ত চাহ সেৱন কৰে৷ মূল কথাটো হ’ল– এটা নিৰ্দিষ্ট মাত্ৰাতকৈ অত্যধিক চাহ সেৱন কৰাটো উচিত নহয়৷ যিয়েই নহওক, একাপ চাহত কিমান কেলৰি থাকে, সেয়া নহয়তো নাজানে৷ ইয়াৰ লগতে আপুনি ওজন কমাবলৈ কেনেধৰণৰ চাহ খাব, সেয়াও জনা দৰকাৰ৷ তাৰ বাবে আপুনি ৱেইট লষ্ট ডায়েট মানি চলক৷
জনা মতে চাহপাতত কোনো কেলৰি নাথাকে৷ গ্ৰীন টী বা ব্লেক টী যেতিয়া আপুনি গৰম পানীত উতলাই খোৱা হয়, তেতিয়া অলপ পৰিমাণৰ কেলৰি উৎপন্ন হয়৷ এইদৰে প্ৰস্তুত কৰা চাহত ২৫০ মিঃ লিঃ চাহত মাত্ৰ তিনি কেলৰি পোৱা যায়৷ বৰঞ্চ এইধৰণৰ লিকাৰ চাহত এণ্টিঅক্সিডেণ্ট থাকে, যি স্বাস্থ্যৰ পক্ষে উপকাৰী৷ চাহত তেতিয়া কেলৰিৰ পৰিমাণ বাঢ়ে, যেতিয়া আপুনি গাখীৰ মিহলি চাহ সেৱন কৰে৷ মনত ৰাখিব– গাখীৰ দিয়া চাহ খোৱাৰ অভ্যাসে আপোনাৰ শৰীৰৰ ওজন বঢ়োৱাত সহায় কৰে৷ গাখীৰ মিহলি চাহত কেলৰিৰ পৰিমাণ প্ত ৰ পৰা ৩০ কেলৰি হ’ব পাৰে৷ আপুনি যদি গাখীৰ দিয়া চাহ সেৱন কৰে, তেন্তে আপোনাৰ দেহত ৩০ কেলৰি প্ৰৱেশ কৰে৷ সেয়েহে আপুনি যদি শৰীৰৰ ওজন কমাবলৈ বিচাৰে, গাখীৰ দিয়া চাহ সম্পূৰ্ণ ত্যাগ কৰক৷ কিন্তু লিকাৰ চাহ খোৱাৰ ফলত সেই ভয় নাথাকে৷ আনহাতে গাখীৰ দিয়া চাহৰ লগত যদি আপুনি চেনি মিহলি কৰি খায়, তেনেহ’লে আৰু অধিক পৰিমাণে কেলৰি বাঢ়ি যায়৷ সেয়েহে চেনিৰ লগত গাখীৰ দিয়া চাহ খোৱা স্বাস্থ্যৰ পক্ষে কেতিয়াও উপকাৰী নহয়৷ বৰঞ্চ এই চাহকাপে আপোনাক বিপদতে পেলাব পাৰে৷ আপুনি শৰীৰৰ ওজন কমাবলৈ বিচাৰিলে গ্ৰীন টী বা ব্লেক টী খাব পাৰে৷ ইয়াত এণ্টিঅক্সিডেণ্ট, পলিফেনল আদি থাকে, যিয়ে ওজন কমোৱাত অৰিহণা যোগায়৷ আনহাতে চেনি অবিহনে আদা, ডালচেনি, ইলাচি আদি দি চাহ খালে যথেষ্ট উপকাৰ পোৱা যায়৷ এইধৰণৰ চাহে শৰীৰ ৰোগমুক্ত কৰি শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰে