গোলকীয় উষ্ণতা প্ৰতিৰোধৰ বাবেসৌৰ ৰশ্মিক বাধা দিয়াৰ পৰিকল্পনা

0
324

জলবায়ু পৰিৱৰ্তনৰ ফলত সমগ্ৰ বিশ্বতে প্ৰাকৃতিক দুৰ্যোগকে ধৰি নানা আহুকালৰ সৃষ্টি কৰিছে৷ ইয়াৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত অবতৰতে খৰাং, বানপানী, সাগৰৰ উচ্চতা বৃদ্ধি, পৰিৱেশৰ ভাৰসাম্যতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে৷ এই পৰিস্থিতি অব্যাহত থাকিলে অদূৰ ভৱিষ্যতে সমগ্ৰ বিশ্বই নানা দুৰ্যোগৰ সন্মুখীন হ’ব লাগিব৷ ইয়াৰ পৰা পৰিত্ৰাণৰ অংশ হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰই শেহতীয়াভাৱে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ গোলকীয় উষ্ণতা তথা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা বিশ্বক ৰক্ষা কৰিবলৈ আমেৰিকাই সূৰ্যৰ ৰশ্মিক বাধা প্ৰদানৰ পৰিকল্পনা কৰিছে৷ হোৱাইট হাউছ অফিচ অব ছায়েঞ্চ এণ্ড টেকন’লজি পলিচীৰ ছ’লাৰ জিঅ’ইঞ্জিনিয়াৰিং সম্পৰ্কীয় এক প্ৰতিবেদনত কোৱা হৈছে যে সূৰ্যৰ ৰশ্মিক বাধা প্ৰদান কৰি সমগ্ৰ বিশ্বকে গোলকীয় উষ্ণতা প্ৰতিৰোধৰ বাবে গৱেষণা কৰি থকা হৈছে৷ এই গৱেষণাৰ একমাত্ৰ উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি পৃথিৱীখন শীতল কৰি ৰখা৷ এই গৱেষণাত সূৰ্যৰ ৰশ্মিৰ বিকিৰণৰ পৰিৱৰ্তনৰ বৈজ্ঞানিক আৰু সামাজিক প্ৰভাৱৰ বিষয়বোৰ পৰীক্ষা কৰি ইয়াৰ পৰা কিদৰে উষ্ণতা প্ৰতিৰোধ কৰিব পাৰি তাৰ চেষ্টা অব্যাহত আছে৷ আমেৰিকাৰ জলবায়ু পৰিৱৰ্তনৰ নীতিৰ আধাৰত ইয়াৰ প্ৰত্যাহ্বান কৰাৰ কথা জনা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here