জলবায়ু পৰিৱৰ্তনে পাহাৰীয়াঅঞ্চলতো প্ৰভাৱ পেলাইছে

0
134


জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিছে৷ ইয়াৰ পৰা মুক্ত নহয় পাহাৰীয়া অঞ্চলবোৰো৷ আমেৰিকাৰ গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি জলবায়ু পৰিৱৰ্তন আৰু বিশ্বৰ উষ্ণতা বৃদ্ধিৰ ফলত উত্তৰ গোলাৰ্ধৰ পাহাৰীয়া অঞ্চলবোৰত হিমপাতৰ স্থান লৈছেগৈ ধাৰাসাৰ বৰষুণে৷ কেইবা দশক আগৰে পৰা এই পৰিৱৰ্তন দেখা পোৱা গৈছে৷ বাৰ্কলে বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই কথা প্ৰকাশ কৰিছে৷ তেওঁলোকে কৰা গৱেষণাৰ পৰা জানিব পৰা মতে তাপমাত্ৰা এক ডিগ্ৰী বৃদ্ধি পালে পৰ্বতীয়া অঞ্চলত ১৫ শতাংশ হিমপাত চৰম বৰষুণলৈ পৰিৱৰ্তন হয়৷ তেওঁলোকে লগতে এইবুলিও আশংকা প্ৰকাশ কৰিছে যে অদূৰ ভৱিষ্যতে পৰ্বতীয়া অঞ্চলবোৰত অভাৱনীয়ভাৱে হোৱা বৰষুণে তাণ্ডৱৰ সৃষ্টি কৰিব পাৰে৷ ইয়াৰ ফলত ভূমিস্খলন, ভীষণ বান, খহনীয়াৰ দৰে ঘটনা বৃদ্ধি পাব৷ এই অধ্যয়নটোৰ প্ৰতিবেদন নেচাৰ নামৰ বিজ্ঞান বাৰ্তালোচনীখনত প্ৰকাশ পাইছে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে বিশ্বৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ পৰ্বত, পাহাৰ তথা ভৈয়ামত বাস কৰে৷ হিমপাত প্ৰবল বৰষুণলৈ সলনি হোৱাৰ ফল ভোগ কৰিব লাগিব এই লোকসকলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here