কৃত্ৰিম উপায়েৰে সৃষ্টবৰষু্‌ণেৰে ৰোধ কৰিব প্ৰদূষণ

0
294


প্ৰতিবছৰে ভাৰতবৰ্ষত বায়ু প্ৰদূষণৰ মাত্ৰা ক্ৰমাগতভাৱে বৃদ্ধি পাই গৈ আছে৷ প্ৰদূষিত বায়ুৰ ফলত বিভিন্ন মাৰাত্মক ৰোগৰ আধিপত্য বিস্তাৰ হৈছে৷ এই বায়ু প্ৰদূষণ ৰোধৰ বাবে বিভিন্ন সময়ত ব্যৱস্থা লোৱা হৈছে যদিও কাৰ্যতঃ কোনো কাৰ্যকৰী ফল পোৱা নাই৷ বিজ্ঞানী তথা গৱেষকেও কিদৰে বায়ু প্ৰদূষণ গ্ৰাস কৰি জনসাধাৰণৰ ৰোগ-ব্যাধিৰ পৰা মুক্তি দিব পাৰি তাৰ বাবে প্ৰদূষণ ৰোধৰ উপায় অৱলম্বনৰ বাবে চেষ্টা চলাই আছে৷ শেহতীয়াভাৱে ভাৰতবৰ্ষত বায়ু প্ৰদূষণ ৰোধৰ বাবে কানপুৰ আই আই টিৰ গৱেষকৰ দলে ছবছৰীয়া গৱেষণাৰ অন্তত সাফল্যৰ মুখ দেখিছে৷ কানপুৰ আই আই টিৰ গৱেষকৰ দলে দিল্লী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বায়ু প্ৰদূষণৰ ৰোধৰ বাবে কৃত্ৰিম উপায়েৰে বৰষুণৰ সৃষ্টি কৰি প্ৰদূষণ হ্ৰাস কৰাৰ উপায় উদ্ভাৱন কৰিছে৷ গৱেষকৰ দলটোৱে জনোৱা মতে মেঘৰ মাজত কৃত্ৰিম মেঘৰ বীজৰ সৃষ্টি কৰি বৰষূণৰ সৃষ্টি কৰিব আৰু ইয়াৰ ফলত বায়ু প্ৰদূষণ ৰোধ হ’ব৷ উল্লেখ্য যে আই আই টিৰ গৱেষকৰ দলটোৱে এই গৱেষণাটোৰ বাবে ২০১৭ চনৰ পৰা গৱেষণাৰ এই প্ৰকল্পৰ কাম কৰি আহিছিল৷ গৱেষকৰ দলটোৱে সদৰী কৰা মতে ড্ৰ’নৰ জৰিয়তে মেঘৰ ওপৰত ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰি মেঘ সৃষ্টিৰ জৰিয়তে কৃত্ৰিমভাৱে বৰষুণ দিয়াব পাৰি৷ ইয়াৰ প্ৰাৰম্ভিক পৰীক্ষণৰ বাবে আই আই টিৰ চৌহদত গৱেষকৰ দলটোৱে কৃত্ৰিম বৰষুণ দিয়াবলৈ পৰীক্ষা কৰে আৰু সাফল্য লাভ কৰিবলৈ সক্ষম হয়৷ তেওঁলোকে এখন ড্ৰ’নেৰে পাঁচ হাজাৰ ফুট উচ্চতাত থকা মেঘৰ ওপৰত ৰাসায়নিক পদাৰ্থ সিঁচি দিয়ে, যাতে মেঘৰ স্তৰ বা তৰপ অধিক ঘন হয়৷ সিঁচি দিয়া ৰায়াসনিক পদাৰ্থবিধে বৰষুণ অহাত অনুঘটকৰ কাম কৰে৷ দলটোৱে পৰীক্ষাৰ অন্তত বৰষুণৰ সৃষ্টি কৰিবলৈ সক্ষম হয়৷ এতিয়া কানপুৰ আই আই টিৰ গৱেষকৰ এই সাফল্যই সকলোৰে মাজত আশাৰ সঞ্চাৰ কৰিছে আৰু ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্য চৰকাৰে বায়ু প্ৰদূষণ ৰোধৰ উপায় বিচাৰি প্ৰতিষ্ঠানটোৰ কাষ চাপিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here