অসমত পোনপ্ৰথমবাৰৰ বাবেমেচবিহীন হাৰ্নিয়া অস্ত্ৰোপচাৰ আৰম্ভ

0
206


উত্তৰ-পূৰ্বাঞ্চলৰ মাল্টি স্পেচিয়েলিটি জি এন আৰ চি হস্পিটেলৰ দিছপুৰ শাখাত মেছলেছ স্মল ইনচিছন অ’পেন হাৰ্নিয়া ছাৰ্জাৰী [Meshless Small Incision Open Harnia Surgery] আৰম্ভ কৰা হৈছে৷ এই ন্যূনতম ইনভেচিভ পদ্ধতিয়ে ৰোগীসকলক সোনকালে আৰোগ্য কৰাৰ লগতে পৰম্পৰাগত হাৰ্নিয়াৰ মেৰামতিতকৈ ইয়াত জটিলতাৰ আশংকাও বহু পৰিমাণে কম৷ জি এন আৰ চি দিছপুৰৰ লেপাৰ’স্কপি এণ্ড মিনিমেলী ইনভেচিভ ছাৰ্জাৰী বিভাগৰ মুখ্য পৰামৰ্শদাতা ডাঃ নিপাংক গোস্বামীয়ে জনায়, ‘উত্তৰ-পূব ভাৰতৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা দুখীয়া ৰোগীসকলেও যাতে কম খৰচতে মেচবিহীন অ’পেন গ্ৰইন হাৰ্নিয়া অস্ত্ৰোপচাৰ কৰি সন্তোষজনক ফল লাভ কৰে, সেয়াই আমাৰ লক্ষ্য৷ এই সেৱা জি এন আৰ চি হস্পিটেলৰ ‘ব্যয়সাধ্য স্বাস্থ্য আঁচনি’ৰ কথা মনত ৰাখিয়েই প্ৰদান কৰা হৈছে৷ বৰ্তমান যুৱ তথা সক্ৰিয় ব্যক্তিৰ ক্ষেত্ৰত অধিক পৰিমাণে হোৱা গ্ৰইন হাৰ্নিয়াৰ দৰে সংশোধনযোগ্য অস্ত্ৰোপচাৰ কৰিবলগীয়া ৰোগীৰ সংখ্যা সমাজত অত্যধিক পৰিমাণে বৃদ্ধি হৈছে৷ ৪৫ বছৰৰ ঊৰ্ধ্বৰ বয়সৰ লোকৰ মাজত প্ৰায় ৪ শতাংশ লোক কৰঙনৰ হাৰ্নিয়াত আক্ৰান্ত হয়৷ সকলো বয়স সামৰি ল’লে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় ১.৭ শতাংশ৷ অসমৰ ৩.২ কোটি জনসংখ্যাৰ মাজত প্ৰায় ৫,৪৪,০০০জন লোক কৰঙনৰ হাৰ্নিয়াত আক্ৰান্ত হৈ আছে৷ ফলত গ্ৰইন অঞ্চলত ফুলা [হাৰ্নিয়া], কেতিয়াবা দুয়োফালে ফুলাৰ বাবে পৰিয়ালৰ পুৰুষ উপাৰ্জনকাৰী সদস্যজনে বা কৃষিকৰ্মৰ লগত জড়িত ব্যক্তিগৰাকীয়ে উপাৰ্জন কৰিবলৈ অক্ষম হৈ পৰে, যাৰ বাবে সমাজৰ অৰ্থনৈতিক দিশতো ঋণাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷’ হাৰ্নিয়া হৈছে পেটৰ ছালৰ তলত উখহি উঠা অংশ, যিটো পেশীৰ দুৰ্বল ঠাইৰ মাজেৰে কোনো অংগ বা টিছ্যু ঠেলি বাহিৰলৈ ওলাই আহে৷ হাৰ্নিয়া অস্ত্ৰোপচাৰ পদ্ধতিৰ দ্বাৰা হাৰ্নিয়া মেৰামতি কৰা হয় আৰু ইয়াক পুনৰ নহ’বলৈ প্ৰতিৰোধ কৰা হয়৷ প্ৰায়ভাগ হাৰ্নিয়া ৰোগীৰ ক্ষেত্ৰত মেচ ব্যৱহাৰ কৰি অস্ত্ৰোপচাৰ কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here