ভাৰতীয় সমাজ ব্যৱস্থাত পূজা-পাতালৰ ব্যৱহূত বাজনাৰ বা যন্ত্ৰৰ ভিতৰত শংখ অন্যতম৷ ঘৰৰ পূজা-পাতালকে ধৰি কোনো মাংগলিক অনুষ্ঠানত শংখ বজোৱাটো পৰস্পৰা হিচাপে যুগ যুগ ধৰি চলি আহিছে৷ পূজাই হওক বা বিয়া-বাৰুৰ ক্ষেত্ৰত শংখ নবজালে পূৰ্ণতা নাপায় যেন অনুভৱ হয়৷ আনহাতে বহুতেই পুৱা-গধূলি নামঘৰৰ পূজাৰ কৰাৰ সময়ত শংখ বজায়৷ শংখৰ শব্দ শুনিবলৈও অতি শুৱনি আৰু ইয়াৰ শব্দ শুনিলে মনটো ভক্তি ভাবত গদগদ হয়৷ মনত এটা অবুজ আধ্যাত্মিক ভাবে ক্ৰিয়া কৰে৷ মনত ৰাখিব শংখ বজালে ইয়াৰ প্ৰভাৱ স্বাস্থ্যৰ ওপৰতো পৰে৷ নিয়মিতভাৱে শংখ বজোৱাৰ ফলত আমি নজনাকৈয়ে শৰীৰৰ যথেষ্ট উপকাৰ হয়৷ জানো আহকচোন শংখ বজালে শৰীৰে কি ধৰণৰ উপকাৰ লাভ কৰে৷
শংখত ফু দিয়াৰ ফলত হাঁওফাঁও, গল আৰু ডিঙিৰ পেশীৰ ওপৰত চাপ পৰে৷ এই চাপে পেশীবোৰক দৃঢ় কৰে৷ যাৰ ফলত হাঁওফাঁওৰ ক্ষমতা বৃদ্ধি পায়৷ হাঁওফাঁওৰ সুস্বাস্থ্যৰ বাবে নিয়মিতভাৱে শংখ বজোৱাটো এটা উপকাৰী ব্যায়ামৰ লেখীয়া৷
জিভাৰ জড়তাৰ বাবে বহুতৰে কথা কোৱাত অসুবিধা হয়৷ নিয়মিতভাৱে শংখ বজালে এই সমস্যাৰ পৰা হাত সাৰিব পাৰি৷
দৈনিক শংখ বজোৱাৰ অভ্যাসে থায়ৰয়েড গ্ৰন্থিৰ কাৰ্যকাৰিতা বৃদ্ধিত সহায় কৰে৷ যাৰ ফলত থায়ৰয়েডজনিত সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে৷
শংখ বজালে অকল গল, হাঁওফাঁওয়ে নহয়, শৰীৰৰ নিম্ন ভাগতো তাৰ প্ৰভাৱ পৰে৷ পেটৰ পেশীত চাপ পৰাততেজৰ চলাচল উন্নত হয়৷ আনকি শংখ বজোৱাৰ ফলত মূত্ৰাশয়ৰ পেশীৰো উপকাৰ হয়৷ শংখ বজালে প্ৰ’ষ্টেট গ্ৰন্থিত চাপ পৰে৷ এই অভ্যাসৰ কাৰণে প্ৰ’ষ্টেট গ্ৰন্থি ডাঙৰ হ’ব নোৱাৰে৷
বয়সৰ চাপৰ পৰা মুক্ত থাকিব বিচাৰিলে নিয়মিতভাৱে শংখ বজোৱাৰ অভ্যাস কৰক৷ শংখত ফু দিয়াৰ বাবে মুখৰ ভাল ব্যায়াম হয়৷ ইয়াৰ ফলত মুখৰ ছালখনত বলিৰেখা সমস্যাৰ পৰা সকাহ দিয়ে৷