মানৱ সমাজৰ আসুৰিক অত্যাচাৰৰ বাবে আজি পৃথিৱীৰ বনাঞ্চল অবাধ গতিত ধবংস হ’বলৈ ধৰিছে৷ বনাঞ্চল ধবংস ৰোধৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে বা বনাঞ্চল ধবংস বিৰুদ্ধে তীব্ৰ গতিত অভিযানো অব্যাহত আছে যদিও ইয়াক ৰোধ কৰিবলৈ সক্ষম হোৱা নাই৷ বনাঞ্চল ধবংস বিষয়ে কৰা এখন প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে৷ ৱৰ্ল্ড ৰিচ’ৰ্ছেজ ইনষ্টিটিউট চমুকৈ ডব্লিউ আৰ আই-এ মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ সহযোগত কৰা এটা অধ্যয়নৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ২০২১ বৰ্ষৰ তুলনাত ২০২২ বৰ্ষত দহ শতাংশতকৈও অধিক বনাঞ্চল ধবংস কৰা হৈছে৷ প্ৰতিবেদনখনৰ মতে যোৱা বছৰ মুঠ ৪১ লাখ হেক্টৰ বনাঞ্চল অৰ্থাৎ ছুইজাৰলেণ্ডৰ আকাৰৰ সমান বনাঞ্চলৰ গছ-গছনি কাটি তহিলং কৰা হয়৷ যোৱা বছৰ প্ৰতি মিনিটত ১১ খন ফুটবল খেলপথাৰৰ সমান বনাঞ্চল ধবংস কৰা হয়৷ প্ৰতিবেদনখনত উল্লেখ কৰা মতে সৰ্বাধিক হাৰত বনাঞ্চল ধ্বংস কৰা হৈছে ব্ৰাজিল, বলিভিয়া আৰু কংগোত৷ ইয়াৰ বিপৰীতে অৱশ্যে ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত গছ কটা হ্ৰাস পাইছে৷ অধ্যয়নটোৰ পৰা জানিব পৰা মতে বিশ্বত কৃষি, খৰি আৰু খননৰ কাৰণে বিয়ুৱীয় অঞ্চলত অৰ্থাৎ গ্ৰীষ্মমণ্ডলত আন অঞ্চলৰ তুলনাত অধিক হাৰত বনাঞ্চল হ্ৰাস পাইছে৷ এই অধ্যয়নটো কৰা হৈছিল কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে পোৱা তথ্যৰ আধাৰত৷