প্ৰতি দশকত কিমান ডিগ্ৰীকৈবাঢ়িছে পৃথিৱীৰ উষ্ণতা জানেনে?

0
360


বিশ্বৰ ৫০ গৰাকী বিজ্ঞানীয়ে এইবুলি সতৰ্কবাণী শুনাইছে যে গ্ৰীন হাউছ গেছৰ অভিলেখ পৰিমাণৰ নিৰ্গমণ আৰু হ্ৰাসমান বায়ু প্ৰদূষণৰ কাৰণে পৃথিৱীৰ উষ্ণতা অতুলনীয় গতিত বৃদ্ধি পাইছে৷ নীতি নিৰ্ধাৰণকাৰীসকলৰ বাবে প্ৰস্তুত কৰা এখন প্ৰতিবেদনত তেওঁলোকে কয় যে ২০১৩ চনৰ পৰা ২০২২ চনৰ ভিতৰত মানৱ সৃষ্ট উষ্ণতা অভূতপূৰ্ব হাৰত বাঢ়ে৷ প্ৰতিবেদনখনত উল্লেখ কৰা মতে পৃথিৱীৰ উষ্ণতা প্ৰতি দশকত ০.২ ডিগ্ৰী ছেলচিয়াছকৈ বাঢ়িছে৷ উল্লিখিত সময়ছোৱাৰ গড় বাৰ্ষিক নিৰ্গমণ সৰ্বকালৰ ভিতৰত সৰ্বোচ্চ ৫৪ বিলিয়ন টন আছিল৷ অৰ্থাৎ প্ৰতি ছেকেণ্ডত ১৭০০ টন কাৰ্বন-ডাই-অক্সাইড বা সমপৰিমাণৰ আন গেছৰ নিৰ্গমণ হৈছিল৷ উল্লেখ্য যে এই বছৰৰ শেষত ডুবাইত কপ ২৮ শীৰ্ষক জলবায়ু সন্মিলন অনুষ্ঠিত হ’ব আৰু তাত বিশ্বৰ নেতৃবৰ্গ কিছুমান কঠিন প্ৰশ্নৰ সন্মুখীন হ’ব৷ শীৰ্ষ সন্মিলনত ২০১৫ চনৰ পেৰিছ জলবায়ু প্ৰগতিৰ পৰ্যালোচনা কৰা হয়৷ চুক্তিখনৰ অধীনত বিশ্বৰ উষ্ণতা বৃদ্ধি ১.৫ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত ৰাখিবলৈ লক্ষ্য লোৱা হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here