সমুদ্ৰৰ ৰহস্য ভেদ কৰাৰ কাৰণে ই টি এইচ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এটা ৰব’টিক মাছ সাজি উলিয়াইছে৷ বেলে নামৰ এই মাছটো তিনি ফুট দীঘল আৰু ই সাগৰত আন মাছৰ দৰে ঘূৰি ফুৰিব পাৰে৷ এই মাছটোৱে সমুদ্ৰৰ বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰিব পাৰে৷ এই মাছটো এনে ধৰণেৰে সজা হৈছে যে ই সাগৰৰ পৰিৱেশৰ কোনোধৰণৰ ক্ষতি নকৰাকৈ সহজে তথ্য সংগ্ৰহ কৰিব পাৰে৷ মাছটোত মুখৰ আকৃতিৰ এটা কেমেৰা লগোৱা আছে৷ গৱেষক লিয়ন গুগেনহেমে কয় যে তেওঁলোকে সমুদ্ৰৰ পানীৰ তৰলৰ পাৰিপাৰ্শ্বিক অৱস্থাটো প্ৰাকৃতিকভাৱে চাবলৈ বিচাৰে৷ বেলেৰ জৰিয়তে সাগৰৰ তলত ঘটি থকা ঘটনাবোৰ তেওলোকে চাব আৰু বুজিব পৰা হৈছে৷ বেলেত আচল মাছৰ দৰে সজাৰ কাৰণ হ’ল যাতে সাগৰত মাছৰ দৰে চলা-ফিৰা কৰিব পাৰে৷ এই মাছটোৱে পানীৰ তলত গোপনে চোৰাংচোৱাগিৰি কৰিব পাৰে, তথ্য সংগ্ৰহ কৰাৰ লগতে ভিডিঅ’ ৰেকৰ্ডিঙো কৰিব পাৰে৷ আনকি সাগৰৰ তলত থকা শত্ৰুৰ সুৰংগৰ বিষয়েও তথ্য গোটাব পাৰে৷ বেলেৰ মূৰত এটা কেমেৰা, পেটত বেটাৰী আৰু মটৰৰ লগতে ফিল্টাৰ তথা পাম্প লগোৱা আছে৷ এই মাছটোৰ জৰিয়তে গৱেষকসকলে সাগৰত থকা বিভিন্ন প্ৰজাতিৰ জীৱ তথা উদ্ভিদ, কোন স্থানত কিধৰণৰ জীৱ থাকে আদি তথ্য সংগ্ৰহ কৰিব পাৰিব৷ এই মাছটো দুঘণ্টা পানীৰ তলত থাকিব পাৰে৷