শাৰীৰিক সক্ৰিয়তাই বিষসহ্য কৰিব পৰা ক্ষমতা বৃদ্ধি কৰে

0
332


শাৰীৰিকভাৱে অধিক সক্ৰিয় হৈ থাকিলে মানুহৰ বিষ সহ্য কৰিব পৰা গুণক অধিক শক্তিশালী কৰে৷ এটা অধ্যয়নৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে৷ প্লছ ৱানত প্ৰকাশ পোৱা অধ্যয়নটোৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি শাৰীৰিক সক্ৰিয়তা আৰু বিষ সহ্য কৰিব পৰা ক্ষমতাৰ মাজত গভীৰ সম্পৰ্ক আছে৷ প্ৰায় দহ হাজাৰ প্ৰাপ্তবয়স্ক লোকক লৈ এই অধ্যয়নটো কৰা হৈছিল৷ ট্ৰমছৰ ইউনিভাৰ্ছিটি হস্পিটেল অব্‌ নৰ্থ নৰৱেৰ এণ্ডাৰ্ছ এৰ্নাছৰ নেতৃত্বৰ গৱেষকৰ দল এটা এই অধ্যয়নটো কৰিছিল৷ তেওঁলোকে কৰা অধ্যয়নৰ পৰা জানিব পাৰে যে অধিক সক্ৰিয় জীৱনশৈলীয়ে গভীৰ আৰু দীঘলীয়া বিষ সহ্য কৰাৰ ক্ষমতা অধিক কৰি তোলে৷ এই অধ্যয়নটো কৰাৰ সময়ত শাৰীৰিকভাৱে কম সক্ৰিয় লোক যেতিয়া সক্ৰিয় হৈ পৰিল তেতিয়া তেওঁলোকৰ বিষ সহ্য কৰাৰ ক্ষমতাও বৃদ্ধি পালে৷ নৰৱেৰ ১০,৭৩২জন লোকক লৈ এই অধ্যয়নটো কৰা হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here