ভাৰতৰ বৃহৎসংখ্যক লোকক চিকিৎসা ব্যয়ে দৰিদ্ৰ কৰি তোলে, বিশেষকৈ চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত গ্ৰাম্য আৰু চহৰীয়া অঞ্চলৰ ভালেসংখ্যক লোক ধৰুৱা হৈ পৰে৷ গ্ৰামাঞ্চলত প্ৰায় ১৪ শতাংশ লোকে চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত ঋণ ল’বলগীয়া হয়৷ নগৰীয়া অঞ্চলত ইয়াৰ হাৰ ৮.৫ শতাংশ৷ ভাৰতৰ ১৪খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ গ্ৰামাঞ্চলৰ প্ৰতি দহজনৰ ভিতৰত এজনে চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত ধাৰ ল’বলগীয়া হয়৷ অন্ধ্ৰ প্ৰদেশত এই হাৰ সৰ্বাধিক, ২৮.২ শতাংশ৷ তাৰ পাছতে কৰ্ণাটকত ২৩ শতাংশ লোকে চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত ঋণ ল’বলগীয়া হয়৷ চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্টে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰকাশ কৰা ষ্টেট অব্ ইণ্ডিয়ান এনভাইৰনমেণ্ট ২০২৩ত এই তথ্য প্ৰকাশ পাইছে৷ ইয়াত উল্লেখ কৰা তথ্য অনুসৰি কোনো লোক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হ’লে পৰিয়ালৰ বাবে ধনৰ মূল উৎস হৈ পৰে সঞ্চিত ধন, ধাৰ, স্থাৱৰ বা অস্থাৱৰ সম্পত্তি বিক্ৰী, বন্ধু-বান্ধৱ তথা আত্মীয়ৰ পৰা আৰ্থিক সাহায্য৷ ভাৰতৰ কেৱল গোৱা আৰু দাদ্ৰা আৰু নগৰ হাভেলিতহে গ্ৰামাঞ্চলৰ লোকে চিকিৎসালয়ত ভৰ্তি হ’বৰ বাবে ঋণ নলয়৷ দিল্লীত ইয়াৰ বাবে ঋণ লোৱা লোকৰ হাৰ হ’ল মাত্ৰ ১ শতাংশ৷ অৱশ্যে এই ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ অৱস্থা কিছু পৰিমাণে উন্নত বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে৷ পৰিয়ালৰ কোনো লোকক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হ’লে অৰুণাচল প্ৰদেশৰ ০.৭ শতাংশ, মণিপুৰৰ ১.৭ শতাংশ, মেঘালয়ৰ ১.৭ শতাংশ, মিজোৰ ০.৬ শতাংশ, নগালেণ্ডৰ ৯.৫ শতাংশ, অসমৰ ৪.৬ শতাংশ, ছিকিমৰ ২.২ শতাংশ আৰু ত্ৰিপুৰাৰ ৭.২ শতাংশ লোকে ধাৰ কৰিবলগীয়া হয়৷ গ্ৰাম্য ভাৰতত ৰাষ্ট্ৰীয় হাৰ হ’ল ১৩.৪ শতাংশ৷ অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকৰ পাছতে এই তালিকাত স্থান পাইছে বিহাৰ, হাৰিয়ানা, ৰাজস্থান, তামিলনাডু, তেলেংগানা আৰু উত্তৰ প্ৰদেশে৷ ইফালে নগৰীয়া অঞ্চলত চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হ’লে ধাৰ লোৱাৰ লোকৰ হাৰ তামিলনাডুত সৰ্বাধিক ১৬.৯ শতাংশ৷ ইয়াৰ পাছতে অন্ধ্ৰ প্ৰদেশ, ৰাজস্থান, তেলেংগানা আদি ৰাজ্যৰ স্থান৷ ছিকিমত নগৰীয়া অঞ্চলৰ কোনো লোকে চিকিৎসালয়ত ভৰ্তি হ’বৰ বাবে ঋণ ল’বলগীয়া নহয়৷