পাথৰ স্থৱিৰ৷ পাথৰবোৰ হাজাৰ হাজাৰ বছৰ ধৰি এটা নিৰ্দিষ্ট ঠাইত স্থিৰ হৈ থাকে৷ ইয়াৰ কোনো গতিশক্তি নাই৷ যাৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে৷ আশ্চৰ্যকৰ কথা হ’ল এই বিশ্বত এনে পাথৰো আছে, যাৰ বাঢ়ন ক্ষমতা আছে৷ অৰ্থাৎ এইধৰণৰ পাথৰ আকাৰ বৃদ্ধি হয়৷ আচৰিত হ’লেও সত্য যে এনে কিছুমান পাথৰ আছে যিয়ে নতুন পাথৰৰ জন্ম দিব পাৰে৷ বিশ্বৰ এনে কিছু আজব ঘটনাই অকল মানুহকে নহয়, বিজ্ঞানী মহলকো হতবাক কৰি তুলিছে৷ তাৰে এটা হ’ল একধৰণৰ পাথৰ৷ এই পাথৰবোৰৰ গা মিহি, মোলায়েম৷ ইয়াৰ গাত কোনো কোণ বা বিন্ধা নাথাকে৷ এই পাথৰবোৰৰ গাত বৰষুণ পৰিলে সজীৱ, সক্ৰিয় হৈ উঠে৷ যেতিয়া ইয়াৰ গাত বৰষুণ পৰে, তেতিয়া ইয়াৰ গাৰ পৰা দেখিবলৈ চিমেণ্টৰ দৰে পদাৰ্থ বাহিৰ হয়৷ যি পদাৰ্থবোৰ পাথৰটোৰ আকৃতি ডাঙৰ কৰি দিয়ে৷ তাৰ পাছত এই পাথৰৰ পৰা নতুন পাথৰৰ সৃষ্টি হৈ ভাঙি যায়৷ পাছত সেই নতুন পাথৰটোৱে আগৰ পাথৰটোৰ দৰে মিহি, মোলায়েম আকাৰ ধাৰণ কৰে৷ পাথৰেও যে পাথৰৰ জন্ম দিব পাৰে, এই সত্যটোক লৈ এতিয়া অবাক হৈ পৰিছে৷ সাধাৰণ মানুহৰ চকুত এই পাথৰবোৰৰ আশ্চৰ্যকৰ ঘটনা কমকৈ পৰে যদিও বিজ্ঞানীসকলে এই পাথৰবোৰৰ পৰীক্ষা কৰি দেখিবলৈ পাইছে যে এইবোৰ কোটি কোটি বছৰ আগেয়ে এক ভূমিকম্পৰ ফলত তৈয়াৰ হৈছিল৷ ট্ৰোভাণ্ট মানৰ এই পাথৰবোৰত প্ৰচুৰ পৰিমাণ কেলচিয়াম কাৰ্বনেট পোৱা যায়৷ বৰষুণ হ’লে এই পাথৰবোৰৰ কেন্দ্ৰস্থলত একধৰণৰ ৰাসায়নিক বিক্ৰিয়া ঘটে৷ যাৰ বাবে এই পাথৰবোৰৰ গাৰ পৰা চিমেণ্টৰ দৰে পদাৰ্থ নিঃসৰণ হ’বলৈ আৰম্ভ কৰে৷ গছৰ দৰে এই পাথৰবোৰৰ ভাঙিলে তাৰ মাজভাগত ঘূৰণীয়া চিহ্ন দেখিবলৈ পোৱা যায়, যিয়ে পাথৰটোৰ বয়স জনাত সহায় কৰে৷ আনহাতে এই পাথৰেবাৰে মাটিৰ উত্তাপ বৃদ্ধি বা কমাৰ প্ৰভাৱৰ ফলত নিজৰ স্থান পৰিৱৰ্তন কৰিব পাৰে৷ এই আজব পাথৰবিধ কেৱলমাত্ৰ ৰোমানিয়াৰ ভালছিয়া কাউণ্টিতে দেখিবলৈ পোৱা যায়৷ এতিয়াও ৰোমানিয়াৰ ভালছিয়া কাউণ্টিলৈ গ’লে ট্ৰোভাণ্ট পাথৰৰ কলনি দেখিবলৈ পাব৷