মানুহ সৰ্বভোক্ষী হোৱাৰ বাবে মাছ, মাংসকে ধৰি সকলো খাদ্য খায়৷ প্ৰায়ভাগ মানুহে ভাতৰ সৈতে মাংস খোৱাটো পচন্দ কৰে৷ কিছুমান এনে লোকে আছে যিসকলে মাংস অবিহনে এসাঁজো ভাত নাখায়৷ সেয়ে মানুহে এবছৰত কিমান জন্তুৰ মাংস খায় সেই কথাটো জানিবলৈ হয়তো আপোনাৰো মন যায়৷ আপুনি শুনিলে হয়তো আচৰিত হ’ব যে মানুহে মাংস খোৱাৰ বাবে বছৰি কেইবা কোটি জন্তুক হত্যা কৰা হয়৷ ৱৰ্ল্ড এনিমেল ফাউণ্ডেশ্যনৰ এখন প্ৰতিবেদনত এই পোহৰলৈ আহিছে৷ প্ৰতিবেদনখনত উল্লেখ কৰা মতে মানুহে মাংস খোৱাৰ কাৰণে প্ৰতিবছৰে ১৩১০ কোটি জন্তু হত্যা কৰা হয়৷ আনহাতে সমগ্ৰ বিশ্বতে খাদ্যৰ বাবে প্ৰতিবছৰে ৮৩০০ কোটি জন্তুৰ মৃত্যু হয়৷ কেৱল আমেৰিকাতে চিকাৰীয়ে প্ৰতিবছৰে ১০ কোটি জন্তু হত্যা কৰে৷ আনহাতে সমগ্ৰ বিশ্বত মানুহৰ খাদ্যৰূপে ব্যৱহাৰ কৰাৰ বাবে প্ৰতিবছৰে ৭৩০০ কোটি কুকুৰা মাৰি পেলোৱা হয়৷ ইয়াৰ লগতে প্ৰতিবেদনখন উল্লেখ কৰা মতে বছৰি ৫০ কোটি ছাগলীৰ মাংস মানুহে খাদ্য হিচাপে গ্ৰহণ কৰে৷ আনহাতে ফিচ কাউণ্টৰ এখন প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ২০১৭ চনত মানুহৰ খাদ্যৰূপে ব্যৱহাৰ কৰাৰ কাৰণে ৫০০০-১৬৭০০ মাছ মৰা হৈছিল৷ উল্লিখিত মাছৰ এই পৰিমাণ আছিল মাছ পোহা ফিচাৰীৰহে৷ ইয়াত সাগৰ, জলাশয়, নদ-নদী, বিল আদিত মাছ মৰাৰ হিচাপ ধৰা হোৱা নাই৷