অসমক দক্ষিণ-পূব এছিয়াৰ চিকিৎসাশিক্ষাৰ হাবৰূপে গঢ়াৰ সংকল্প

0
320


দক্ষিণ-পূব এছিয়াৰ চিকিৎসা কেন্দ্ৰৰ হাব হিচাপে অসমক গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে অহৰহ কাম কৰি আছে৷ এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ববিদ্যালয়ৰ তৃতীয় দীক্ষান্ত সমাৰোহত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পৃথক কৰি চিকিৎসা বিজ্ঞানক নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল৷ তেওঁ লগতে উল্লেখ কৰে যে যোৱা দুটা দশকত চিকিৎসা শিক্ষাই এক নতুন দিগন্তলৈ প্ৰসাৰিত হৈছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে চিকিৎসা শিক্ষাৰ প্ৰসাৰ সাধন কৰি দক্ষিণ-পূব এছিয়াৰ বাবে চিকিৎসা শিক্ষাৰ হাব হিচাপে পৰিগণিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আহিছে৷ এনে কৰিব পাৰিলে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিত এক বিশেষ ভূমিকা পালন কৰিব পাৰিব বুলিও উল্লেখ কৰে৷ ইফালে ৩৫০খন আসনৰ বিপৰীতে এতিয়া ১৫০০খনলৈ এম বি বি এছৰ আসন বৃদ্ধি কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে স্নাতকোত্তৰৰ বাবে থকা ১৫০খন আসনৰ বিপৰীতে বৰ্তমান ৭২২ খন আসনলৈ বৃদ্ধি পাইছে৷ আনহাতে নাৰ্ছিং শিক্ষাৰ জৰিয়তে আমাৰ মানৱ সম্পদে যাতে বাহিৰত সংস্থাপন লাভ কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ জনায়৷ ড॰ শমাৰ্ই কয় যে চিকিৎসক আৰু নাৰ্ছসকলে ডিজিটেল এপ্লিকেশ্যনৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব৷ অসমৰ ২৮ হাজাৰখন গাঁৱলৈ প্ৰত্যক্ষভাৱে চিকিৎসা সেৱা প্ৰদান কৰাটো সম্ভৱ নহ’লেও চিকিৎসক, নাৰ্ছসকলে ইয়াক সম্ভৱ কৰি তুলিবলৈ মুখ্যমন্ত্ৰীয়ে আহবান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here