এখন দেশৰ নাগৰিকৰ নিশাৰভিতৰতে বয়স কমিল এবছৰ-দুবছৰ !

0
212


মানুহৰ বয়স জানো কমিব পাৰে, তাকো এজন-দুজন নহয়– এখন দেশত বাস কৰা সকলো নাগৰিকৰে কমিছে বয়স৷ কথাটো আচহুৱা লাগিলেও একেবাৰে সঁচা৷ এখন দেশত নিশাৰ ভিতৰতে ইয়াৰ নাগৰিক বয়স এবছৰৰ পৰা দুবছৰ পৰ্যন্ত কমি গৈছে৷ যোৱা ২৮ জুনত দক্ষিণ কোৰিয়াৰ নাগৰিকসকলৰ বয়স নিৰ্ধাৰণৰ বাবে আন্তৰ্জাতিক পদ্ধতি বলৱৎ কৰিছে চৰকাৰে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে দেশৰ সকলো নাগৰিকে এবছৰৰ পৰা দুবছৰপৰ্যন্ত বয়স কমি গৈছে৷ ইমানদিনে এই দেশখনত বাস কৰা লোকৰ বয়স নিৰ্ধাৰণৰ বাবে ধৰি লোৱা হৈছিল জন্মৰ সময়ত এবছৰ আৰু জন্ম হোৱা শিশুৰ জীৱনৰ পৰৱৰ্তী বছৰবোৰত এক জানুৱাৰীৰ পৰা এবছৰকৈ বয়স যোগ হৈছিল৷ ইয়াৰ লগত জন্মদিনৰ কোনো সম্পৰ্ক নাছিল৷ কিন্তু চৰকাৰে ২০২২ চনৰ ডিচেম্বৰত দেশখনত প্ৰচলন হৈ থকা উক্ত নিয়ম বাতিল কৰি আন্তৰ্জাতিক ৰীতি মানি চলিবলৈ আইন প্ৰণয়ন কৰিছে৷ নতুন আইন প্ৰচলন কৰি বয়স নিৰ্ধাৰণৰ বাবে আন্তৰ্জাতিক নিয়ম মনাৰ বাবে চৰকাৰে নিৰ্দেশ জাৰি কৰিছে৷ অৰ্থাৎ পূৰ্বৰ নিয়ম অনুসৰি ডিচেম্বৰত জন্ম হোৱা শিশু এটিক জানুৱাৰীত এবছৰীয়া ধৰাৰ যি পদ্ধতি আছিল এতিয়াৰ পৰা সেয়া সম্পূৰ্ণ সলনি হ’ব৷ ইয়াৰ ফলত বহু কোৰিয়ান লোকৰে বয়স কমিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here