দেশৰ গ্ৰামাঞ্চলৰ সকলো পৰিয়ালকে বিশুদ্ধ তথা পৰিষ্কাৰ পানী যোগান ধৰাৰ লক্ষ্যত যদি জলজীৱন মিছন উপনীত হয়, তেন্তে বছৰি ৪ লাখ লোকে ডায়েৰিয়াৰ পৰা হোৱা মৃত্যুৰ পৰা ৰক্ষা পাব৷ শেহতীয়াভাৱে প্ৰকাশ পোৱা বিশ্ব স্বাস্থ্য সংস্থাৰ এটা নতুন অধ্যয়নত এই কথা প্ৰকাশ পাইছে৷ কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনত দেশজুৰি জলজীৱন মিছন আৰম্ভ কৰিছিল৷ এই অভিযানৰ লক্ষ্য আছিল ২০২৪ চনৰ ভিতৰত দেশৰ গ্ৰামাঞ্চলৰ সকলো পৰিয়ালকে গাইগুটীয়া টেপৰ যোগেদি নিৰাপদ আৰু বিশুদ্ধ পানী যোগান ধৰা৷ নিৰাপদ আৰু পৰ্যাপ্ত পানী যোগানৰ বাবে পাব পৰা স্বাস্থ্য বিষয়ক সফলতাৰ বিষয়ে খোৱাপানী আৰু অনাময় মন্ত্ৰ্যালয়ে বিশ্ব স্বাস্থ্য সংস্থাক এই অধ্যয়ন কৰিবলৈ অনুৰোধ জনাইছিল৷ সেই অধ্যয়নত বিশ্ব স্বাস্থ্য সংস্থাই এক অনুমান কৰিছিল যে যদি জলজীৱন মিছনে সমগ্ৰ ভাৰতত নিৰাপদ পানী যোগান ধৰে, তেন্তে বছৰি প্ৰায় ৪ লাখ লোকে ডায়েৰিয়াৰ পৰা হোৱা মৃত্যুৰ পৰা হাত সাৰিব পাৰিব৷ আনহাতে চৰকাৰী তথ্য মতে বৰ্তমানলৈ ভাৰতৰ গ্ৰামাঞ্চলৰ ৬২ শতাংশ পৰিয়াললৈ টেপৰ পানীৰ সংযোগ দিয়া হৈছে৷