দিনক দিনে প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰ তথা চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ দৈনন্দিন জীৱনত প্লাষ্টিক যেন এৰাব নোৱৰা সামগ্ৰী হৈ পৰিছে৷ প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰে মানৱ জাতিলৈ ভয়াৱহ বিপদ মাতি আনিছে৷ ইতিমধ্যে বিভিন্ন মাৰাত্মক ৰোগৰ কাৰণ প্লাষ্টিক হিচাপে চিহ্নিত হৈছে৷ ছিংগল ইউজ প্লাষ্টিকৰ ব্যৱহাৰ তথা ইয়াৰ নিষিদ্ধকৰণৰ বাবে অসম চৰকাৰে সময়ে সময়ে বিভিন্ন পদ্ক্ষেপ লোৱা পৰিলক্ষিত হৈছে যদিও এই নিয়মসমূহ নমনা তথা মানুহৰ মাজত সজাগতাৰ অভাৱৰ বাবে কাৰ্যকৰী হৈ উঠা নাই৷ প্লাষ্টিক নিষিদ্ধৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ স্থিতি ল’লেও বিভিন্ন অজুহাত দেখুৱাই নাগৰিকে যেন এই নিয়ম ভংগ কৰি আহিছে৷ এইবাৰ ছিংগল ইউজ প্লাষ্টিক নিষিদ্ধ কৰিবৰ বাবে খোজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ল’লে এক অভিনৱ পন্থা৷ এতিয়াৰে পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিকোনো অনুষ্ঠানতে প্লাষ্টিক দেখা পোৱা নাযাব৷ কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ সভা-সমিতি তথা অনুষ্ঠানবোৰত প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰিছে৷ এতিয়াৰ পৰা প্লাষ্টিকৰ সামগ্ৰীৰ পৰিৱৰ্তে তেওঁলৈ মাটিৰ কাপহে চাহ পৰিৱেশন কৰিব পাৰিব আৰু কাচ বা আইনাৰ গ্লাছতে পানী ৰাখিব পাৰিব৷ আনহাতে অনুষ্ঠানবোৰত দুপ¸ৰীয়া আৰু নিশাৰ আহাৰ নিৰামিষ হ’ব লাগিব৷ ইফালে চৰকাৰী সভা-সমিতিসমূহ ভি ই পি সংস্কৃতি এৰাই চলিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ জাৰি কৰিছে৷ ইয়াৰ লগতে সভা-সমিতিসমূহ মুখ্যমন্ত্ৰীক গামোচা বা ফুলৰ থোপাৰে সম্ভাষণ জনাব নোৱাৰিব৷ সভা আৰম্ভ হোৱাৰ আগতেই বন্তি প্ৰজ্বলন কৰি থ’ব লাগিব৷ অকল ঘোষকেহে শলাগৰ শৰাই যাচিব পাৰিব৷ আনহাতে মুখ্যমন্ত্ৰীয়ে যি ঠাইৰ ৰাতি কটাবলগীয়া হয়৷ সেই ঠাইত পিছদিনা পুৱাই একোডালকৈ গছপুলি ৰোপণ কৰিব মুখ্যমন্ত্ৰীয়ে৷ ৰাজ্যৰ জিলাৰ উপায়ুক্তসকলৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন জিলাৰ উপায়ুক্তসকললৈ এই গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে৷