এই পদ্ধতিৰে চিনাক্তকৰক বিশুদ্ধ ঘিউ

0
256


ঘিউ হ’ল ঘৰত থকা ৰন্ধন প্ৰণালীৰ এক অবিচ্ছেদ্য অংশ৷ গৰম ভাতৰ সৈতে নিমখ মিহলি ঘিউৰে খোৱা ভাতসাঁজৰ কথা মনত পৰিলে জিভাৰ পানী ওলায়৷ ঘিউ গোন্ধটোৱে খাদ্যবস্তুৰ সোৱাদ দুগুণে বঢ়াই দিয়ে৷ ঘিউৰে বনোৱা মিঠাই, জেলেপিৰ, লাড়ু তথা বিৰিয়ানি আদিৰ সোৱাদ ল’বলৈ দোকানৰ গ্ৰাহকে ভিৰ কৰা দেখা যায়৷ ঘিউৰ সোৱাদ যেনেকুৱা, ইয়াৰ খাদ্যগুণো ঠিক একেই৷ ঘিউৱে আমাৰ শৰীৰৰ বিভিন্ন উপকাৰ সাধন কৰে৷ কিন্তু আজিকালি বিশুদ্ধ ঘিউ বজাৰত পাবলৈ নাই৷ আজিকালি বিক্ৰেতাই ঘিউ ভেজাল কৰি বজাৰত বিক্ৰী কৰে আৰু ই উপকাৰতকৈ অপকাৰ বেছি কৰে৷ আমাৰ অজান্তিতেই ভেজাল ঘিউ বিশুদ্ধ বুলি খোৱা হয়৷ এই ভেজাল ঘিউ খালে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়৷ সেয়েহে অতি সাধাৰণ ঘৰুৱা উপায়েৰে কোনবিধ ভেজাল আৰু কোনবিধ বিশুদ্ধ ঘি সেই কথা জানিব পাৰি৷ বিশুদ্ধ আৰু ভেজাল ঘিউ কিদৰে চিনাক্ত কৰিব জানো আহক৷
অলপমান ঘিউ নিজৰ হাতৰ তলুৱাত ৰাখি ইয়াৰ বিশুদ্ধতা প্ৰমাণ কৰিব পাৰি৷ প্ৰথমে আধা চামুচ ঘিউ অলপ লৈ হাতৰ তলুৱাত কিছু সময় ৰাখক৷ যদি ঘিউখিনি দ্ৰুতভাৱে গলিবলৈ ধৰে, তেন্তে বুজিব ঘিউখিনি বিশুদ্ধ৷ আনহাতে ঘিউখিনি গলনত যদি পলম হয়, তেন্তে সেই ঘিউখিনি ভেজাল৷
আপুনি ৰঙৰ জৰিয়তেও ঘিউ বিশুদ্ধ নে ভেজাল তাক পৰীক্ষা কৰিব পাৰে৷ ইয়াৰ কাৰণে এটা পাত্ৰত ঘিউ লৈ গৰম হ’বলৈ দিব৷ বিশুদ্ধ ঘিউ হ’লে লগে লগে গলি যাব৷ ইয়াৰ লগতে বিশুদ্ধ ঘিউ গৰম কৰাৰ পাছত বাদামী ৰং হ’বলৈ ধৰে৷
চেনিৰ সহায়তো ঘিউ বিশুদ্ধ নে ভেজাল তাক জানিব পাৰি৷ ইয়াৰ বাবে এটা পাত্ৰত গলাই লোৱা ঘিউ ৰাখক৷ তাৰ পাছত ঘিউ ৰখা পাত্ৰটোত অলপ চেনি মিহলাই কিছু সময় এইদৰে থৈ দিব৷ যদি পাত্ৰটোৰ তলত ৰঙা দাগ দেখা পায়, তেন্তে বুজিব যে সেই ঘিউখিনি বিশুদ্ধ নহয়৷
ঘিউ ভেজাল নে বিশুদ্ধ তাক জানিবলৈ নিমখ ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে এচামুচ ঘিউ লৈ গৰম কৰি লওক৷ তাৰ পাছত তাত অলপ নিমখ মিহলাই কিছু সময়ত থৈ দিয়ক৷ যদি ঘিউখিনি ৰঙৰ পৰিৱৰ্তন হয়, তেন্তে বুজিব যে ঘিউখিনি ভেজাল ঘিউ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here