অধ্যয়নে ক’লে : কম টোপনিয়ে মেদ বঢ়ায়

0
413


বৰ্তমান সমগ্ৰ বিশ্বৰে বৃহৎসংখ্যক লোক মেদবহুলতাত ভুগিছে৷ কম টোপনিও ইয়াৰ এটা প্ৰধান কাৰণ৷ গৱেষকৰ দল এটাই এই কথা প্ৰকাশ কৰিছে৷ গৱেষকৰ মতে কম টোপনিৰ ফলত মানৱ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ-প্ৰত্যংগসমূহৰ আশে-পাশে অন্তৰাংগীয় চৰ্বি জমা হ’বলৈ ধৰে৷ ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ গৱেষকসকলে কৰা এটা অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে৷ এই অধ্যয়নটোৰ পৰা জানিব পৰা মতে প্ৰতিদিনে ৭-৮ ঘণ্টা শোৱাটো নিতান্তই প্ৰয়োজন৷ এই অধ্যয়নটোৰ প্ৰতিবেদন শ্লিপ মেডিচিন জাৰ্নেলত প্ৰকাশ পাইছে৷ গৱেষকসকলৰ মতে এজন ব্যক্তিয়ে যদি এঘণ্টাতকৈ কম শোৱে, তেতিয়া শৰীৰত অন্তৰাংগীয় চৰ্বি ১২ গ্ৰাম বৃদ্ধি পায়৷ বাৰ্তালোচনীখনত প্ৰকাশ পোৱা অনুসৰি মানুহৰ শোৱাৰ সময়ৰ তাৰতম্যই অন্তৰাংগীয় চৰ্বিত নেতিবাচক প্ৰভাৱ পেলায়৷ অধ্যয়নটো মতে প্ৰতিদিনে আঠ ঘণ্টাৰ অধিক সময় শোৱাৰো প্ৰয়োজন নাই৷ এই অধ্যয়নটো কৰা হৈছিল ১৮-৫৯ বছৰৰ পাঁচ হাজাৰতকৈও অধিক লোকক লৈ৷ ইয়াত অংশগ্ৰহণ কৰা লোকসকলৰ প্ৰতিদিনে সাত ঘণ্টাকৈ শুবলৈ দিয়া হৈছিল৷ কম টোপনিয়ে স্বাস্থ্যজনিত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ ইয়াৰ ফলত মগজুত অধিক চাপ পৰে৷ যাৰ বাবে মানুহৰ আচাৰ-আচৰণ সলনি হ’বলে ধৰে৷ অন্তৰাংগীয় চৰ্বি যিকোনো ব্যক্তিৰ পেট আৰু ধমনীত জমা হ’ব পাৰে৷ ইয়াৰ পৰা ৰক্তপ্ৰবাহত ফেটি এচিড ওলাব পাৰে৷ এই ফেটি এচিডে গুৰুত্বপূৰ্ণ অংগবোৰৰ ক্ষতিসাধন কৰে৷ অন্তৰাংগীয় চৰ্বি লিভাৰ, পেট আৰু পাচনতন্ত্ৰৰ দৰে গুৰুত্বপূৰ্ণ অংগত জমা হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here