জলবায়ু পৰিৱৰ্তন : বিশ্বৰ আটাইতকৈ ঠাণ্ডা ঠাইত তাপমাত্ৰাৰ অভিলেখ

0
319


জলবায়ু পৰিৱৰ্তন আৰু বিশ্বৰ উষ্ণতা বৃদ্ধিয়ে বিশ্বৰ আটাইতকৈ ঠাণ্ডা স্থান ৰাছিয়াৰ ছাইবেৰিয়াক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে৷ শীতকালত অৰ্থাৎ জানুৱাৰী মাহত গঢ় উষ্ণতা শূন্যৰ পৰা ২৫ ডিগ্ৰী চেলছিয়াছ তললৈ নমা ছাইবেৰিয়াত এতিয়া গৰমেও অভিলেখৰ সৃষ্টি কৰিবলৈ লৈছে৷ এই বছৰ জুনৰ প্ৰথম ভাগতে ছাইবেৰিয়াৰ বিভিন্ন স্থানত গ্ৰীষ্ম প্ৰৱাহে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে৷ যোৱা কেইদিন আছিল জাল্টুৰ’ভস্কত ইতিহাসৰ আটাইতকৈ গৰম দিন৷ বতৰ বিজ্ঞানী মেক্সিমিলিয়ানো হেৰাৰাৰ মতে, এইকেইদিন জাল্টুৰভস্কত সৰ্বোচ্চ তাপমাত্ৰা আছিল ৩৭.৯ ডিগ্ৰী চেলছিয়াছ৷ ইয়াৰ লগতে আন কেইবাটাও স্থানত সৰ্বোচ্চ তাপমাত্ৰাই অভিলেখৰ সৃষ্টি কৰে৷ ইয়াৰ ভিতৰত বায়েভ’ত সৰ্বোচ্চ তাপমাত্ৰা আছিল ৩৯.৬ ডিগ্ৰী চেলছিয়াছ আৰু বাৰ্নাউলত আছিল ৩৮.৫ ডিগ্ৰী চেলছিয়াছ৷ ছাইবেৰিয়াৰ কেইবাটাও স্থানৰ ৫-৭টা দশকৰ তাপমাত্ৰাৰ তথ্য থকা বুলি উল্লেখ কৰি হেৰাৰাই কয় যে ই প্ৰকৃততে অস্বাভাৱিক৷ অঞ্চলটোত ইতিহাসৰ আটাইতকৈ ভয়াৱহ গ্ৰীষ্ম প্ৰৱাহৰ কবলত পৰা বুলি তেওঁ কয়৷ তেওঁ কয় যে বুধবাৰে কেইবাটাও স্থানৰ তাপমাত্ৰা প্ৰায় ৪০ ডিগ্ৰী চেলছিয়াছ হয়গৈ৷ তেওঁ কয় যে বিশ্বৰ উষ্ণতা বৃদ্ধিৰ প্ৰভাৱত ছাইবেৰিয়াত তাপমাত্ৰাই অভিলেখৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে ছাইবেৰিয়াৰ সৰ্বোচ্চ তাপমাত্ৰাৰ পূৰ্বৰ অভিলেখ আছিল ২০২০ চনত ভাৰ্খয়ানস্কত ৩৮ ডিগ্ৰী চেলছিয়াছ৷ কেৱল ছাইবেৰিয়াতে নহয় মধ্য এছিয়াতো গৰমে অভিলেখৰ সৃষ্টি কৰিছে৷ তুৰ্কমেনিস্তানত এপ্ৰিলৰ প্ৰথম ভাগত সৰ্বোচ্চ তাপমাত্ৰা ৪২ ডিগ্ৰী চেলছিয়াছ হয়গৈ৷ ইমান অক্ষ্যাংশত ই এক বিশ্ব অভিলেখ বুলি হেৰেৰাই কয়৷ আনহাতে চীনত সৰ্বোচ্চ তাপমাত্ৰা ৪৫ ডিগ্ৰী চেলছিয়াছ, উজবেকিস্তানত ৪৩ ডিগ্ৰী চেলছিয়াছ আৰু কাজাখস্তানত ৪১ ডিগ্ৰী চেলছিয়াছ হয়গৈ৷ হেৰেৰাই কয় যে বিশ্বৰ জলবায়ুৰ ইতিহাস পুনৰ লিখা ই এক ঐতিহাসিক গ্ৰীষ্ম প্ৰৱাহ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here