এইবোৰ প্ৰ’টিনযুক্ত খাদ্যৰসন্মুখত মাছ-মাংসও ব্যৰ্থ

0
440


শৰীৰৰ শক্তি বৃদ্ধি, পেশী তথা হাড় মজবুত কৰাৰ বাবে প্ৰ’টিন প্ৰয়োজনীয় উপাদান৷ ইয়াৰ অন্যথা প্ৰ’টিনৰ ঘাটনিৰ ফলত শৰীৰ দুৰ্বল হ’ব পাৰে৷ অকল এয়াই নহয়, প্ৰ’টিনৰ অভাৱৰ বাবে বিভিন্ন মাৰাত্মক ৰোগৰ কাৰণ হ’ব পাৰে৷ প্ৰ’টিনৰ অভাৱত বয়সৰ আগতে বাৰ্ধক্যৰ চাপ পৰিব পাৰে, অংগ-প্ৰত্যংগবোৰ অচল হ’ব পাৰে৷ যদি আপুনি এইধৰণৰ সমস্যাৰ সন্মুখীন হ’বলৈ নিবিচাৰে, তেনেহ’লে খাদ্য তালিকাত প্ৰ’টিনযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰক৷ এইবাৰ প্ৰশ্ন হ’ল– প্ৰ’টিন পাবলৈ কি খাদ্য খাব৷ প্ৰ’টিনসমৃদ্ধ খাদ্যৰ ক্ষেত্ৰত বহুতেই মাছ-মাংস, কণী আদিৰ ওপৰত নিৰ্ভৰ কৰে৷ এইটো অৱশ্যেই গ্ৰহণীয়ও৷ কিন্তু আপুনি যদি নিৰামিষভোজী, তেতিয়া প্ৰ’টিন নাটনি কিদৰে পূৰাব৷ চিন্তাৰ কোনো কাৰণ নাই৷ কিয়নো প্ৰতিদিনে খাদ্যত এইবোৰ শাপ-পাচলি অন্তৰ্ভুক্ত কৰক, যিয়ে আপোনাৰ শৰীৰক প্ৰ’টিনৰ যোগান ধৰিব৷
পালেং শাক পুষ্টিগুণৰ কাৰণে ছুপাৰফুড হিচাপে বিবেচনা কৰা হয়৷ এবাটি ৰন্ধা পালেং শাকত প্ৰায় ৫.০ গ্ৰাম প্ৰ’টিন থাকে৷ ইয়াৰ উপৰি পালেং শাকত প্ৰচুৰ পৰিমাণে আইৰন, কেলচিয়াম আদিৰ দৰে উপাদান পোৱা যায়, যি শৰীৰৰ কাৰণে উপকাৰী৷ সেয়েহে প্ৰ’টিনৰ অভাৱ দূৰ কৰিবলৈ খাদ্য তালিকাত পালেং শাক ৰাখক৷
মুগ, মচুৰ আদি বিভিন্ন প্ৰকাৰৰ দাইল প্ৰ’টিন ভাল উৎস৷ নিয়মিতভাৱে দাইল খালে শৰীৰে আৱশ্যকীয় প্ৰ’টিন পায়৷
১০০ গ্ৰাম মটৰগুটিত প্ৰায় পাঁচ গ্ৰাম প্ৰ’টিন পোৱা যায়৷ সেয়েহে কেঁচা মটৰ গুটি চালাড কৰি বা ৰান্ধি খালে শৰীৰে প্ৰ’টিন লাভ কৰে৷
মাশ্বৰূম এবিধ সুস্বাদু নিৰামিষ খাদ্য৷ আজিকালি বহুতেই মাশ্বৰূম খাবলৈ পচন্দ কৰে৷ একাপ মাশ্বৰূমত প্ৰায় তিনি গ্ৰাম প্ৰ’টিন পোৱা যায়৷ সেয়েহে নিৰামিষভোজীসকলৰ বাবে প্ৰ’টিন সমৃদ্ধ মাশ্বৰূম প্ৰিয় খাদ্য৷
ব্ৰকলি এবিধ প্ৰ’টিনসমৃদ্ধ নিৰামিষ পাচলি৷ ইয়াৰ শৰীৰৰ প্ৰয়োজনীয় পুষ্টিগুণ আছে, যি ভাবিবই নোৱাৰে৷ ১০০ গ্ৰাম ব্ৰকলিত প্ৰায় ২.০ গ্ৰাম প্ৰ’টিন থাকে৷ সেয়েহে মাছ-মাংসৰ বিকল্প হিচাপে ব্ৰকলি খালে শৰীৰে আৱশ্যকীয় প্ৰ’টিন লাভ কৰে৷
নিৰামিষভাৱে লাভ কৰা প্ৰ’টিন এবিধ উৎস হ’ল ফুলকবি৷ ১০০ গ্ৰাম ফুলকবিত প্ৰায় ২ গ্ৰাম প্ৰ’টিন পোৱা যায়৷ সেয়েহে প্ৰ’টিন অভাৱ পূৰ কৰিবলৈ ফুলকবি খাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here