মানুহ জন্ম-বৃত্তান্ত কোনো এক ঐশ্বৰিক শক্তি হিচাপে জ্ঞান কৰা হয়৷ যুগ যুগ ধৰি এই প্ৰথা চলি আহিছে৷ কথাতে কয় যে জন্ম, মৃত্যু, বিবাহ এই তিনিধৰণৰ কৰ্মত মানুহৰ কোনো হাত নাথাকে৷ এই কাৰ্য পৰৰিচালনাৰ বাবে এক অজানা শক্তিয়ে ক্ৰিয়া কৰি থাকে, যাক ঈশ্বৰ বুলি ভবা হয়৷ ঠিক একেদৰে মানুহৰ জন্মৰ ক্ষেত্ৰতো পুৰুষ আৰু মহিলাৰ শুক্ৰাণু আৰপ ডিম্বাণু মিলনতে একমাত্ৰ সম্ভৱ হৈ উঠে৷ অন্যথা কোনো পদ্ধতিৰে এই কাৰ্য সম্ভৱ নহয়৷ কিন্তু অবিশ্বাস্য হ’লেও সত্য যে এতিয়া আৰু সেই দিন উকলিল৷ শুক্ৰাণু আৰু ডিম্বাণু অবিহনেই ভ্ৰূণৰ জন্ম দিব পাৰিব৷ শেহতীয়াভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেমব্ৰিজ বিশ্ববিদ্যালয় আৰু কালটেকৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে ষ্টেম কোষৰ সহায়ত কৃত্ৰিম মানৱ ভ্ৰূণ প্ৰস্তুত কৰি উঠিয়াইছে৷ অৱশ্যে গৱেষণাগাৰত উদ্ভাৱন কৰা এই ভ্ৰূণ আধুপনিক ভ্ৰূণৰ দৰে উন্নত নহয়৷ তথাপি বিজ্ঞানীসকলে আশা কৰিছে যে এই পথ অনুসৰণ কৰিয়েই জটিলতাৰ সমস্যাৰ সহজ সমাধান উলিয়াব পৰা যাব৷ বিজ্ঞানীসকলে ধাৰণা কৰিছে যে জিনগত বিকাৰ, সন্তান জন্ম দিবলৈ অপাৰগতা, গৰ্ভপাত আদি সমস্যাৰ সমাধান এই উদ্ভাৱনৰ দ্বাৰা সম্ভৱ হ’ব৷ উল্লেখ্য যে কৃত্ৰিম মানৱ ভ্ৰূণ উদ্ভাৱনৰ এই প্ৰক্ৰিয়াটোক বেছিভাগ দেশেই আইনী স্বীকৃতি দিয়া নাই আৰু ইয়াৰ বিৰোধিতা কৰিছে৷ মানৱ ভ্ৰূণ উদ্ভাৱন এই বিষয়টোৱে বিভিন্ন দেশত বিতৰ্কৰ সূচনা কৰিছে৷ অৱশ্যে আমেৰিকাই এই পৰীক্ষা সন্দৰ্ভত কোনো তথ্য ৰাজহুৱাভাৱে সদৰী কৰা নাই আৰু কোনো জাৰ্নালত এতিয়ালৈকে প্ৰকাশ কৰা নাই৷