সুস্থ থাকিবলৈ অকল স্বাস্থ্যকৰ খাদ্য খালেই নহয়, শৰীৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা খুবেই জৰুৰী৷ ব্যক্তিগত স্বাস্থ্যবিধিয়ে আমাৰ স্বাস্থ্য সুস্থ ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সেয়ে মানুহে নিজকে পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখিবলৈ নিয়মিতভাৱে গা ধোৱে৷ কিছ্ এনে লোকে আছে, যিসকলে স্বাস্থ্যবিধি মানি দিনত দুই তিনিবাৰ গা ধোৱে৷ শৰীৰৰ সুস্থতাৰ বাবে গা ধোৱাটো অতি জৰুৰী৷ আনহাতে কিছু লোকৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে যিমানবাৰ গা ধোৱে, সিমানবাৰে চাবোন গাত ব্যৱহাৰ কৰে৷ অৰ্থাৎ চাবোন অবিহনে তেওঁলোকে গা ধুব নোৱাৰে৷ কিন্তু এনে কৰাটো কিমান স্বাস্থ্যসন্মত সেয়া আপোনালোকক জনাবলৈ বিচাৰিছোঁ৷ আচলতে দৈনিক গা চাবোন ব্যৱহাৰ কৰা উচিত নহয়৷ ইয়াৰ ব্যাখ্যা তলত দিয়া হ’ল৷
অতিৰিক্তভাৱে চাবোন ব্যৱহাৰ কৰা কাৰণে ছালৰ থকা প্ৰাকৃতিক তেল নষ্ট হৈ যাব পাৰে৷ যাৰ ফলত ছালখনত শুষ্কতা বা ৰুক্ষতাই দেখা দিব পাৰে৷ এই সমস্যা স্বাভাৱিকভাৱে শুষ্ক বা সংবেদনশীল ছালৰ লোকৰ ক্ষেত্ৰত বেছি দেখা যায়৷
বজাৰত পোৱা কিছুমান চাবোনত ক্ষতিকাৰক তথা অত্যন্ত ৰাসায়নিক ৰং তথা সুগন্ধি ব্যৱহাৰ কৰা হয়৷ এইধৰণৰ চাবোন ব্যৱহাৰ কৰাৰ ফলত ছালখন জ্বলা-পোৰা হৈ ৰঙা দাগ পৰা, খজুৱতি হৈ ফুলি উঠিবও পাৰে৷
অম্লীয় প্ৰকৃতিৰ হোৱা ছাল ক্ষতিকৰ অণুজীৱৰ বিৰুদ্ধে প্ৰতিৰক্ষামূলক বাধা হিচাপে কাম কৰে৷ কিন্তু প্ৰতিদিনে গা ধোৱাৰ সময়ত চাবোন ব্যৱহাৰ কৰিলে বা বেছি পি এইচযুক্ত চাবোন ব্যৱহাৰ কৰাৰ কাৰণে ছালৰ পি এইচৰ ভাৰসাম্য নষ্ট হ’ব পাৰে৷ যাৰ ফলত ছালৰ সংক্ৰমণ বা ছালখনৰ অন্যান্য সমস্যাই দেখা দিব পাৰে৷
দৈনিক চাবোন ব্যৱহাৰ কৰিলে ছালখনৰ ক্ষতিকাৰক অণুজীৱ নোহোৱা কৰাৰ উপৰি ছালৰ উপকাৰী বেক্টেৰিয়াও আঁতৰাই দিয়ে, যিসমূহ বেক্টেৰিয়াই ছালখনৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে৷ আনহাতে চাবোনৰ অত্যধিক ব্যৱহাৰে এই মাইক্ৰবায়োম ধবংস কৰি ছালৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷
যদি প্ৰতিদিনে চাবোন দি গা ধোৱে, বিশেষকৈ গৰম পানীৰ সৈতে– ইয়ে ছালৰ প্ৰাকৃতিক আদ্ৰৰ্তা কাঢ়ি নিব পাৰে৷ যাৰ ফলস্বৰূপে ছালখনৰ ক্ষতিসাধনৰ লগতে ইয়াৰ শুষ্কতা, মসৃণতা অথবা ছালখন জ্বলা-পোৰা আদি কৰিব পাৰে৷
ছালৰ প্ৰকাৰৰ ভিত্তিত নৰম বা কোমল চাবোন ব্যৱহাৰ কৰা উচিত৷ অত্যন্ত সুগন্ধি বা কঠিন প্ৰকৃতিৰ চাবোন এৰাই চলাই ভাল৷ ছালখনৰ আদ্ৰৰ্তা বজাই ৰাখিবলৈ চাবোন ব্যৱহাৰ কৰাৰ পাছত মইশ্বৰাইজ কৰা প্ৰয়োজন৷ আনহাতে ছালৰ স্বাস্থ্যৰ বাবে গৰম পানীৰ পৰিৱৰ্তে কুহুমীয়া পানীহে ব্যৱহাৰ কৰা ভাল৷