গৱেষণাৰ বাবে থকা মানৱঅংগৰ অনলাইন ব্যৱসায়

0
150


বিশ্বত চিকিৎসা বিজ্ঞান যিমানে আগবাঢ়ি গৈছে, সিমানেই যেন মানুহ অমানুহ হৈ গৈছে৷ আমি যাক বা যি ক্ষেত্ৰত লগত জড়িতসকলক ভগৱান বুলি জ্ঞান কৰোঁ, তেনে লোকেই যদি জঘন্য কাণ্ড কৰে তেনেহ’লে ই মানৱতাৰ …লন নহৈ আৰু কি? চিকিৎসাৰ ক্ষেত্ৰত জড়িত তেনে বহু ঘটনাই সংঘটিত হৈ আহিছে৷ তাৰ ভিতৰত শেহতীয়াভাৱে প্ৰকাশিত এক খবৰে আচৰিত কৰি তুলিছে৷ ঘটনাৰ বিৱৰণী মতে, আমেৰিকা যুক্তৰাষ্ট˜ৰ লেখত ল’বলগীয়া উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় তলে মানৱ আংগৰ গোপন ব্যৱসায়৷ এনে গোপন মানৱ অংগৰ ব্যৱসাৰ জৰিয়তে এচাম দুষ্টচক্ৰৰ লোকে কোটি কোটি টকা উপাৰ্জন কৰি আহিছে৷ জানিব পৰা মতে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মেডিকেল কলেজৰ মৰ্গৰ পৰা মৃতদেহৰ বিভিন্ন অংগ চুৰি কৰি অনলাইনযোগে বিক্ৰী হৈ আহিছে৷ মৰ্গত কাম কৰা এহাল দম্পতীয়ে চলাই অহা এই গোপন ব্যৱসায়ৰ তথ্য পোহৰলৈ অহাৰ পাছত এতিয়া সৰ্বত্ৰে তীব্ৰ চাঞ্চস্যৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে উক্ত দম্পতীহালে গৱেষণাৰ বাবে দান কৰা মৃতদেহৰ লাওখোলা, ছাল, বিভিন্ন অমগৰ হাড়, বা শৰীৰৰ বিভিন্ন অংগ কাটি চোৰাং বজাৰত বিক্ৰী কৰি আহিছে৷ দম্পতীহালক উক্ত মেডিকেল কলেজৰ মৰ্গত কাম কৰা মেনেজাৰ ছেণ্ড্ৰিক ল’ঝ আৰু তেওঁৰ পত্নী ডেনিছে মানৱ অংগৰ গোপন সৰবৰাহৰ এনে দুষ্কাৰ্য কেইবা বছৰ ধৰি সংঘটিত কৰি আহিছিল৷ জনা মতে অনলাইনযোগে বিক্ৰী কৰা এটা লাওখোলা মূল্য আছিল আশী হাজাৰ টকা৷ ধৰা পৰাৰ পাছত এই তথ্য স্বীকাৰ কৰে দম্পতীহালে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here