পৃথিৱীৰ সূৰ্য মাৰ নোযোৱা ঠাইয’ত ৰাতিও নহয় অন্ধকাৰ

0
523

পৃথিৱীৰ এখন ঠাইত য’ত সূৰ্য অস্ত যায়, তাৰ বিপৰীত দিশত থকা প্ৰান্তত তেতিয়া আকাশত সূৰ্য উদয় হয়৷ পৰ্যাযক্ৰমে পৃথিৱীৰ প্ৰতিটো স্থানত ৰাতিৰ পাছত দিন আৰু দিনৰ পাছত ৰাতি হয়৷ সূৰ্য অস্ত যোৱাৰ পাছত যেতিয়া ৰাৰি হয়, পশু-পক্ষীৰ পৰা আৰম্ভ কৰি গছ লতা, মানুহ আন জীৱ-জন্তু প্ৰত্যেকেই সেই সময়ত বিশ্ৰাম লয়৷ পিছদিনা  পূব আকাশত যেতিয়া সূৰ্য পুনৰ উদয় হয়, সকলোৰে কৰ্মব্যস্ততা বাঢ়ে৷ এইদৰে প্ৰকৃতিৰ নিয়ম মতে যুগ যুগ চলি আহিছে৷ আনহাতে নৰৱে’ এনে এখন দেশ, য’ত ৰাতিও সূৰ্য ডুব নাযায়৷ অৰ্থাৎ ইয়াৰ সূৰ্য অস্ত নাযায়৷ কি দিন, কি ৰাতি সকলো সময়তে ফটফটীয়া পোহৰ৷ সেয়ে নৰৱে’ক নিশীথ সূৰ্যৰ দেশ বুলি কোৱা হয়৷ এটা সময়ত ব্ৰিটিছ সাম্ৰাজ্যকো কেতিয়াও সূৰ্য অস্ত নোহোৱা বুলি কোৱা হৈছিল৷ তাৰ কাৰণ আছিল তাৰ বিশালত্ব৷ কিন্তু সেইদিন এতিয়া আৰু নাই৷ আনহাতে বৰ্তমান পৃথিৱীত এনে কিছু অঞ্চল আছে, য’ত বছৰৰ এটা দীঘল সময় ধৰি কেতিয়াও সূৰ্য অস্ত নাযায়৷ আজি এই বিষয়ে জনাবলৈ লৈছোঁ৷ এই ক্ষেত্ৰত প্ৰথমে নাম ল’ব লাগিব নৰৱে’ৰ৷ পৃথিৱীৰ উপকূলীয় অঞ্চলত অৱস্থিত নৰৱে’ হেমাৰফেষ্ট বন্দৰৰ পৰা ৰাতি দিগন্তৰেখাত সূৰ্য দেখিবলৈ পোৱা যায়৷ ইয়াত বছৰৰ মে’ৰ পৰা জুলাই মাহৰ শেষপৰ্যন্ত কেতিয়াও সূৰ্য অস্ত নাযায়৷ অৰ্থাৎ এই সময়ছোৱাত এই দেশত কেৱল দিন হৈয়ে থাকে, অন্ধকাৰ কেতিয়াও নহয়৷ এই সময়খিনিত মাত্ৰ সূৰ্যৰ তীব্ৰতাহে কম-বেছি হয়৷ একেদৰে কানাডাৰ নুনাভুট অঞ্চলত উপকূলীয় চাৰ্কোলৰ দুই ডিগ্ৰী ওপৰত অৱস্থিত হোৱাত ইয়াতো বছৰৰ প্ৰায় দুই মাহ সূৰ্য অস্ত নাযায়৷ বিপৰীতে শীতকালত ইয়াত ৩০ দিন ৰাতি হয়৷ আনহাতে ব্ৰিটেইনৰ আইচলেণ্ডত জুন মাহত ৰাতিও সূৰ্য দেখা যায়৷ আইচলেণ্ডৰ কিছু ওচৰৰে পশ্চিম দিশত অৱস্থিত গ্ৰিনলেণ্ড দ্বীপপুঞ্জত গ্ৰীষ্মকালত ৰাতিও সূৰ্যৰ পোহৰ দেখিবলৈ পোৱা যায়৷ তাৰ পাছতে আলাস্কাৰ ব্যেৰো অঞ্চলৰ নাম ল’ব পাৰি৷ এই অঞ্চলত গ্ৰীষ্মকালত মে’ মাহৰ শেষৰ পৰা জুলাই মাহৰ শেষলৈকে ৰাতি সূৰ্য অস্ত নাযায়৷ অৰ্থাৎ ৰাতিও দিনৰ দৰে পোহৰ হৈ থাকে৷ ইয়াৰ লগতে ইয়াৰ উত্তৰ গোলাৰ্ধত শীতকালৰ সময়ছোৱাত নৱেম্বৰৰ পৰা ডিচেম্বৰৰ শেষলৈকে প্ৰায় ৩০ দিন একেবাৰে ৰাতি হৈ থাকে৷ ফিনলেণ্ডৰ কাষৰীয়া দেশ ছুইডেনতো মে’ মাহৰ পৰা আৰম্ভ কৰি আগষ্টৰ শেষলৈকে প্ৰায় ছমাহ ইয়াত সূৰ্যাস্ত নহয় আৰু তাৰ পৰৱৰ্তী সময়ত ছমাহ ৰাতি হৈ থাকে৷
সেয়ে বিশ্বৰ বিভিন্ন ঠাইত সূৰ্য উদয় আৰু অস্ত যোৱাৰ সময় ভিন ভিন৷ ইয়াৰ লগতে প্ৰকৃতিৰ যে কি আচৰিত লীলা৷ এইবোৰৰ পৰাই বুজিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here