অধিক জনসংখ্যাৰ বাবে জলবায়ুপৰিৱৰ্তনৰ প্ৰতি ভাৰত সংবেদনশীল

0
351


ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী চমুকৈ ইউ এন ই পিৰ কাৰ্যবাহী সঞ্চালক এৰিক ছলহেইমে কয় যে অতি বেছি জনসংখ্যাৰ বাবে ভাৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰতি অধিক স্পৰ্শকাতৰ বা সংবেদনশীল৷ জলবায়ু পৰিৱৰ্তনৰ বিষয়ে য়ুথ ২০ আলোচনাৰ সময়ত ছলহেইমে কয় যে আপোনালোকে বিশ্বৰ সকলোতে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ দেখিছে৷ কিন্তু জলবায়ু পৰিৱৰ্তনৰ প্ৰতি ভাৰত বিশেষভাৱে স্পৰ্শকাতৰ৷ কাৰণ ভাৰতৰ জনসংখ্যা অতি বেছি আৰু ভাৰতৰ প্ৰকৃতিয়ে আন ঠাইতকৈ এই দেশখনক বেছি স্পৰ্শকাতৰ কৰি তুলিছে৷ কাৰ্যবাহী সঞ্চালকজনে লগতে কয় যে পৃথিৱীখন যেনেধৰণৰ পাৰিপাশ্বিৰ্ক সমস্যাৰ সন্মুখীন হৈছে, ভাৰতো একেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে৷ তেওঁ উল্লেখ কৰে যে ভাৰতত প্ৰদূষণৰ মাত্ৰা বহু বেছি, বিশেষকৈ দিল্লীৰ দৰে উত্তৰ ভাৰতৰ মহানগৰবোৰত৷ বৰ্তমান ভাৰত জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ সন্মুখীন হৈছে আৰু এই ক্ষেত্ৰত আমেৰিকাতকৈ ভাৰত বেছি স্পৰ্শকাতৰ– তেওঁ লগতে জানিবলৈ দিয়ে৷ ইয়াৰ লগতে এৰিক ছলহেইমে উল্লেখ কৰে যে বছৰৰ এই সময়ত যিমান গৰম হ’ব লাগে, ভূভাগত তাতকৈ বেছি গৰম হৈছে আৰু সেইটোৱে প্ৰত্যেককে প্ৰভাৱিত কৰিছে৷ মুঠতে পৃথিৱীত জলবায়ু পৰিৱৰ্তনৰ ফলত যেতিয়াই তেতিয়াই অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here