বিশ্বৰ এই অদ্ভুত ৰহস্যবোৰজানিলে অবাক হ’ব

0
1080


বিশ্বত এনে কিছুমান আ(ৰ্যজনক বস্তু আছে, যি আমাৰ ধাৰণাৰ বাহিৰত৷ পৃথিৱীৰ এনে কিছু অদ্ভুত তথা ৰহস্যময়ী আছে, যিবোৰ দেখিলে বা যিবোৰৰ কথা শুনিলে কেইমুহূৰ্তমানৰ বাবে মূক হৈ পৰিব৷ বিশ্বৰ এনেধৰণৰ কিছুমান ৰহস্যৰ বিষয়ে আপোনালোকক জনাবলৈ খুজিছোঁ৷ যিবোৰ কথা জানিলে হয়তো আপুনি পুলকিত হৈ পৰিব৷ আপুনি নিজকে এবাৰ হ’লেও প্ৰশ্ন কৰিব– প্ৰকৃতিৰ কি এই অপূৰ্ব সৃষ্টিৰ সমাহাৰ৷ সেয়ে পৃথিৱীৰ এনে কিছু অবিশ্বাস্য বস্তুৰ বিষয়ে জানো আহক৷
ভ্যানটাব্লেক– ভ্যানটাব্লেকক বিশ্বৰ সকলোতকৈ ক’লা উপাদান বোলা হয়৷ ই পৃথিৱীৰ যিকোনো ক’লা বস্তুতকৈ অধিক ক’লা৷ ভ্যানটাব্লেকৰ ৯৯.৯৮ শতাংশ পোহৰ শোষণ ক্ষমতা আছে৷ ই য’ত কম পোহৰ প্ৰতিফলিত কৰে, তাত কম দৃশ্যমান হয়৷
ব্লু এঞ্জেল ছি স্লাগ– সমুদ্ৰত তলিত আজিও বহুতো অজানা ৰহস্য লুকাই আছে৷ এইবোৰৰ ভিতৰত সমুদ্ৰৰ এক ৰহস্যময়ী প্ৰাণী হ’ল ব্লু এঞ্জেল ছি স্লাগ৷ এই স্লাগ দক্ষিণ আফ্ৰিকা তথা অষ্ট্ৰেলিয়াৰ উপকূলীয় এলেকাত পোৱা যায়৷ এই প্ৰাণীবিধ অত্যন্ত বিষাক্ত তথা ভয়ংকৰ৷
হাতেৰে স্পৰ্শ কৰা মেঘ– জেল তথা গেছৰ দ্বাৰা তৈয়াৰী এবিধ আলট্ৰালাইট পদাৰ্থ হ’ল এৰোজেল৷ এই পদাৰ্থবিধ দেখাত মেঘৰ সমষ্টিৰ লেখীয়া, যাক হাতেৰে স্পৰ্শ কৰিব পাৰি৷ ইয়াক হিমায়িত ধোঁৱা বুলিও কোৱা হয়৷ এই পদাৰ্থ ৯৯ শতাংশই বায়ুৰ দ্বাৰা গঠিত৷
বেলেগ গ্ৰহৰ দেশ– পৃথিৱীৰ এনে এক ঠাই আছে, যাক দেখিলে মনত এনে ভাব আহে যে তাত অন্য গ্ৰহৰ প্ৰাণীয়ে বাস কৰে৷ এই অঞ্চলটো ইথিঅ’পিয়াৰ ডানাকিল ডিপ্ৰেশ্যনত অৱস্থিত৷ আফ্ৰা ত্ৰিভুজত অৱস্থিত এই অঞ্চলটোৰ লাভাৰে ভৰপূৰ নদী, উষ্ণ প্ৰস্ৰৱণ আদি দেখিলে অন্য এখন পৃথিৱীৰ দৰে লাগে৷ ইয়াত প্ৰচুৰ পৰিমাণে বিষাক্ত গেছ আছে৷
সকলোতকৈ দুৰ্গম স্থান– পৃথিৱীৰ সকলোতকৈ দুৰ্গম অঞ্চলটো তিনিটা দ্বীপৰ দ্বাৰা গঠিত এটা ত্ৰিভুজাকৃতিৰ ঠাইৰ মাজত অৱস্থিত৷ এই দুৰ্গম ঠাইখণ্ড এণ্টাৰ্কটিকাৰ দুছি দ্বীপ, মোতু নুই আৰু মাহেৰ দ্বীপৰ মাজত অৱস্থিত৷ এই ঠাইখণ্ড পয়েণ্ট নিমো নামে বিখ্যাত৷
ৰং-তুলিকাৰে অঁকা গছ– ইণ্ডোনেছিয়া, পাপুয়া নিউ গিনি আৰু ফিলিপাইনত পোৱা যায় এই ইউকেলিপটাছ ডিগ্লুপ্টা গছ৷ এই গছবিধ দেখিলে এনে লাগিব যে কোনোবাই ৰং-তুলিকাৰে আঁকিহে যেন থৈছে৷ এই অসাধাৰণ ৰং-বিৰঙৰ গছ দেখিলে পুলকিত নহৈ নোৱাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here