সমীক্ষা : আটাইতকৈ বেছি সুৰাপান কৰে ইউৰোপীয় লোকে

0
259


সুৰাপান এক বদঅভ্যাস বুলি সকলোৱে জানো৷ সমগ্ৰ বিশ্বত সুৰা পানৰ কৰাৰ ফলত বিভিন্ন দুৰ্ঘটনাজনিত কাৰণত বছৰি কেইবা লাখ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ আনহাতে অত্যধিক সুৰা সেৱনৰ ফলত কিডনী, লীভাৰ নষ্ট হৈ বছৰি বহু লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা হয়৷ সুৰা সেৱনৰ ফলত হোৱা ক্ষতিৰ বিষয়ে অৱগত হৈও কিন্তু সুৰাপান ত্যাগ কৰিবলৈ নেৰে৷ সমগ্ৰ বিশ্বতে সুৰাপান সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই এক সমীক্ষা চলাইছিল৷ বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি সুৰাপান কৰা দেশসমূহৰ ভিতৰত ইউৰোপৰ দহখন দেশে শীৰ্ষ অৱস্থান কৰিছে৷ ইউৰোপীয় দেশসমূহ লোকসকলে বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি সুৰাপান কৰে৷ আনহাতে বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা মতে ইউৰোপ মহাদেশৰ দেশসমূহত বিশ্বৰ ভিতৰতে বেছি সুৰা বিক্ৰী হোৱাৰ অভিলেখ আছে৷ স্বাস্থ্য সংস্থাটোৰ সমীক্ষা মতে ইউৰোপত প্ৰতিবছৰে ১৫ বছৰৰ ওপৰৰ প্ৰতিজন নাগৰিকে বছৰি গড়ে ৯.৫ লিটাৰ সুৰাপান কৰে৷ জানিব পৰা মতে ২০০০ চনত ইয়াৰ পূৰ্বৰ বছৰটোৰ তুলনাত ইউৰোপত মুঠ সুৰাপানৰ ব্যৱহাৰ ২.৫ লিটাৰ হ্ৰাস পাইছিল৷ কিন্তু পূব ইউৰোপত সুৰাপান কৰা লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি সুৰাপান কৰা ইউৰোপৰ ১০ খন দেশ হ’ল ক্ৰমে চেক গণৰাজ্য, জাৰ্মানি, স্পেইন, বুলগেৰিয়া, ৰোমানিয়া, লুক্সেমবাৰ্গ, লাটভিয়া, লিথুৱানিয়া, আয়াৰলেণ্ড, মলডোভা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here