বৰ্তমান বিশ্বত ৰবটৰ ব্যাপকভাৱে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে৷ মানুহে কৰিব নোৱৰা বহু কাম ৰবটৰ দ্বাৰা সম্ভৱপৰ হৈ উঠিছে৷ আনকি হোটেল-ৰেস্তোৰাঁত এতিয়া ৰবটে খাদ্য পৰিৱেশন কৰাই নহয় ৰন্ধা-বঢ়াৰ কামো কৰে৷ আচলতে এতিয়া ৰবটে মানুহৰ বহু কাম সহজ কৰি পেলাইছে৷ শেহতীয়াকৈ বিজ্ঞানীসকলে এনেকুৱা এক ৰবট তৈয়াৰ কৰিছে যিটোৱে উশাহ-নিশাহ ল’ব পাৰে৷ এই ৰবটটোৰ নাম দিয়া হৈছে এণ্ডি৷ এণ্ডি উশাহ-নিশাহ ল’ব পৰা বিশ্বৰ প্ৰথমটো ৰবট৷ কেৱল সিমানেই নহয়, এণ্ডিৰ মানুহৰ দৰে গাৰ পৰা ঘামো ওলাব৷ এই ক্ষেত্ৰতো এণ্ডি বিশ্বৰ প্ৰথমটো ৰবট আৰু সেয়েহে এই ৰবটটোৰ আন এটা নাম হৈছে স্বোৱেটি৷ কেইবাটাও বুদ্ধিমান ৰবটে নিজৰ বুদ্ধিক একলগ কৰি এণ্ডি তৈয়াৰ কৰিছে৷ এই থাৰ্মেল ৰবটটো এনেদৰে তৈয়াৰ কৰা হৈছে যে যিকোনো দিশৰ পৰা দেখাত মানুহৰ দৰে লাগে৷ এই ৰবটটোৰ ঘাম ওলোৱাৰ লগতে ঠাণ্ডা লাগে আৰু উশাহ-নিশাহ ল’ব পাৰে৷ এণ্ডিৰ গাটোৰ ছালত ৩৫টা তৰপ লগোৱা হৈছে৷ আমেৰিকাৰ ফাৰ্ম থাৰ্মেটিক্ছে এনেধৰণৰ ১০টা ৰবট তৈয়াৰ কৰে৷ ফাৰ্মখনৰ উদ্দেশ্য হ’ল প্ৰচণ্ড গৰমে মানুহৰ শৰীৰত কেনে ধৰণৰ প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে এৰিজোনা বিশ্ববিদ্যালয়ৰ গৱেষকসকলে যাতে বুজিব পাৰে৷ ৰবট তৈয়াৰ কৰা প্ৰকল্পটোক নেতৃত্ব দিয়া কনৰাড ৰিকাকজেওস্কিয়ে কয় যে এণ্ডিৰ ঘাম ওলাব৷ যেতিয়া ঠাণ্ডা লাগে কঁপিবলৈ ধৰিব৷ আন কথাত এই ৰবটটো সম্পূৰ্ণৰূপে মানুহৰ দৰে হ’ব৷ ফাৰ্মখনে এণ্ডিৰ মডেলক ভিত্তি কৰি স্বোৱেটি বেবীও তৈয়াৰ কৰিছে৷ ইয়াৰ জৰিয়তে শিশুৰ স্বাস্থ্যৰ বিষয়ে তথ্য লাভ কৰিব পৰা যাব বুলি আশা কৰা হৈছে৷