নাছাৰ যানে বিচাৰি পালেসৌৰ ধুমুহাৰ উৎস

0
468


সূৰ্যৰ ৰহস্য উদঘাটনৰ বাবে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰেৰণ কৰা মহাকাশ যান পাৰ্কাৰ ছ’লাৰ প্ৰবে বৃহৎ সফলতা লাভ কৰিছে৷ যানখনে সূৰ্যপৃষ্ঠত সৃষ্টি হোৱা সৌৰ ধুমুহাৰ উৎসৰ সন্ধান লাভ কৰিছে৷ এই উৎসৰ পৰা বৃহৎ পৰিমাণৰ আধানযুক্ত কণা সৃৰ্য পৃষ্ঠৰ পৰা নিৰ্গত হৈ পৃথিৱী অভিমুখে আহে৷ প্ৰয়াত জ্যোতিৰ্বিদ ইউজিন পাৰ্কাৰৰ নামেৰে নামকৰণ কৰা পাৰ্কাৰ ছ’লাৰ প্ৰব ২০১৮ চনত উৎক্ষেপণ কৰা হৈছিল সৌৰ বতাহ সৃষ্টি হোৱাৰ সময়ত ইয়াক কেনেকুৱা দেখি আৰু ই সূৰ্যৰ মাধ্যাকৰ্ষণৰ প্ৰভাৱৰ পৰা কেনেকৈ মুক্ত হয়৷ যানখনে সূৰ্য পৃষ্ঠৰ ২.০৯ কোটি কিল’মিটাৰ ভিতৰত অভিযান আৰম্ভ কৰে তেতিয়া ইয়াত থকা সঁজুলিয়ে সৌৰ বতাহৰ কেনেকৈ উৎপত্তি হয় তাৰ তথ্য লাভ কৰে৷ এই বতাহৰ উৎপত্তি হয় ফটোস্ফিয়েৰত৷ এই যানখন সৌৰ পৃষ্ঠৰ ৬৪ লাখ কিল’মিটাৰ ওপৰৰে উৰিব পৰাকৈ ডিজাইন কৰা হৈছে৷ এই অভিযানে ২০২১ চনত প্ৰথমবাৰৰ বাবে সূৰ্যপৃষ্ঠক স্পৰ্শ কৰিছিল৷ সৌৰ বতাহৰ বিৱৰণ দিয়া এক প্ৰতিবেদন নেচাৰ বাৰ্তালোচনীত প্ৰকাশ পাইছে৷ ইয়াত উল্লেখ কৰা অনুসৰি সৌৰ বতাহ প্লাজমাৰ এক নিৰন্তৰ প্ৰৱাহ আৰু সূৰ্য পৃষ্ঠৰ বাহিৰলৈ বয়৷ সৌৰ বতাহ সৃৰ্যৰ মেৰু অঞ্চলত প্ৰতি ছেকেণ্ডত ৮০০ কিল’মিটাৰ বেগত আৰু বাকী অংশত প্ৰতি ছেকেণ্ডত ৪০০ কিল’মিটাৰতকৈ অধিক বেগত বয়৷ যেতিয়া সৌৰ চক্ৰ চৰম পৰ্যায় পোৱাৰ সময়ত সূৰ্যৰ চৌম্বকীয় ক্ষেত্ৰৰো পৰিৱৰ্তন হয়৷ সেই সময়ত সূৰ্যৰ বায়ুমণ্ডলত সৃষ্টি হোৱা ছিদ্ৰৰে সৌৰ ধুমুহা পৃথিৱী অভিমুে্‌খ আগবাঢ়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here