অসমত এম বি বি এছ বি ডি এছপাঠ্যক্ৰমৰ সংৰক্ষিত আসন বৃদ্ধি

0
377


ৰাজ্য চৰকাৰে গুৱাহাটী মেডিকেল কলেজসমূহৰ এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত ছয় জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসন বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ জনতা ভৱনত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ বাবে মেডিকেল কলেজত থকা আসনৰ সংখ্যা বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনায়৷ কেবিনেটৰ অনুমোদনৰ পাছত জনগোষ্ঠীকেইটাৰ বাবে সংৰক্ষণ কৰা মুঠ আসনৰ সংখ্যা ৭৮ খনলৈ বৃদ্ধি পাব৷ পূৰ্বে জনগোষ্ঠী ভিত্তিত সংৰক্ষিত আসনৰ সংখ্যা আছিল ৬০খন৷ তদুপৰি প্ৰৱাসী অসমীয়া সন্তান-আত্মীয়ৰ বাবে ১০ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ কেবিনেট বৈঠকত ৰাজ্যৰ চাহ জনগোষ্ঠীৰ পূৰ্বে সংকক্ষিত থকা ২৭খন আসনৰ ঠাইত ৩০খনলৈ বৃদ্ধি কৰা হৈছে৷ চৰকাৰৰ কেবিনেটৰ এই সিদ্ধান্ত সদৰী কৰি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় যে মৰাণসকলৰ বাবে থকা আসনৰ সংখ্যা পূৰ্বৰ ৫খনৰ পৰা ৮খনলৈ, মটকসকলৰ বাবে ৫খনৰ ঠাইত ৮খনলৈ, টাই আহোমসকলৰ পূৰ্বৰ ৭খনৰ ঠাইত ১০খনলৈ, চুতীয়াসকলৰ ৬খনৰ পৰা ৯খনলৈ, কোঁচ ৰাজবংশীসকলৰ বাবে ১০খনৰ পৰা ১৩খনলৈ মেডিকেল কলেজৰ বাবে সংৰক্ষিত আসন বৃদ্ধি কৰা হয়৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে এই সংৰক্ষিত আসনৰ বৃদ্ধিৰ প্ৰক্ৰিয়াই অনাগত দিনত ৰাজ্যখনৰ পৰা আৰু অধিক চিকিৎসকৰ সেৱা জনসাধাৰণতে লাভ কৰিব বুলি আশা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here