আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই সৌৰজগতৰ বাহিৰৰ এটা গ্ৰহত পানী থকাৰ তথ্য লাভ কৰিছে৷ ২০০৯ চনত আৱিষ্কাৰ কৰা এই গ্ৰহটোৰ নাম দিয়া হৈছে ডব্লিউ এ এছ পি-১৮ বি৷ পৃথিৱীৰ পৰা প্ৰায় ৪০০ আলোকবৰ্ষ দূৰৈত থকা এই গ্ৰহটোত বাষ্প আৰু গেছ থকা বুলি বিজ্ঞানীসকলে জানিব পাৰিছে৷ ২০০৯ চনত ট্ৰেনজিটিং এগজ’প্লেনেট ছেটেলাইট, হাবল আৰু স্পিটজাৰ দূৰবীণৰ সহায়ত এই গ্ৰহটো আৱিষ্কাৰ কৰা হৈছিল৷ জেমছ ৱেব দূৰবীণৰ জৰিয়তে বিজ্ঞানীসকলে গ্ৰহটো পানীৰ থকাৰ সন্ধান লাভ কৰে৷ মহাকাশ বিজ্ঞানীসকলে কৰা অনুমান মতে গ্ৰহটো আমাৰ সৌৰজগতৰ সৰ্ববৃহৎ গ্ৰহ বৃহস্পতিতকৈ প্ৰায় দহ গুণ ডাঙৰ৷ গ্ৰহটোৱে ইয়াৰ কেন্দ্ৰত থকা নক্ষত্ৰটোক পৰিভ্ৰমণ কৰিবলৈ ২৩ ঘণ্টাৰ প্ৰয়োজন হয়৷ গ্ৰহটোৰ তাপমান প্ৰায় ২৭০০ ডিগ্ৰী চেলচিয়াছ হ’ব৷ সেয়েহে গ্ৰহটোত থকা পানী বাষ্প হৈ বায়ুমণ্ডলত বিয়পি পৰা বুলি বিজ্ঞানীসকলে কয়৷ গ্ৰহটো ই পৰিভ্ৰমণ কৰি থকা নক্ষত্ৰটোৰ পৰা একেবাৰে কাষতে আছে৷ যোৱা বছৰ ২৯ আগষ্টত জ্যোতিৰ্বিদসকলে ডব্লিউ এ এছ পি-৩৯ বি নামৰ আন এটা বহিঃগ্ৰহ আৱিষ্কাৰ কৰিছিল৷ এই গ্ৰহটো পৃথিৱীৰ পৰা প্ৰায় ৭০০ আলোক বৰ্ষ দূৰৈত আছে আৰু উত্তপ্ত গেছৰ বাবে গ্ৰহটো শতাংশ ফুলি থকা দেখা পোৱা যায় আৰু সেয়েহে গ্ৰহটোৰ ভাৰ বৃহস্পতিৰ এক চতুৰ্থাংশহে যদিও ব্যাস বৃহস্পতিৰ ১.৩ গুণ৷ গ্ৰহটোৱে অয়াপ কেন্দ্ৰত থকা নক্ষত্ৰটোক চাৰি দিনত এপাক মাৰে৷ গ্ৰহটো ২০১১ চনতে আৱিষ্কাৰ কৰা হৈছিল যদিও ইয়াৰ ফটো এতিয়াহে লাভ কৰা হয়৷ হাবল আৰু স্পিটজাৰ দূৰবীণে গ্ৰহটোৰ বায়ুমণ্ডলত বাষ্প, ছডিয়াম আৰু পটাছিয়াম থকাৰ তথ্য লাভ কৰিছিল৷ শেহতীয়াকৈ জেম্ছ ৱেব দূৰবীণে গ্ৰহটোত কাৰ্বন-ডাই-অক্সাইড থকাৰো তথ্য দিছে৷