স্মাৰ্টফোনটো slow হৈছে নেকি?এই উপায়েৰে দ্ৰুত কৰক

0
1306


কিছুসংখ্যক এণ্ড্ৰয়ড ফোন ব্যৱহাৰকাৰীয়ে মাজে মাজে অভিযোগ কৰা দেখা যায় যে ফোনটো ব্যৱহাৰৰ কিছুদিন পাছতেই তেওঁলোকৰ মোবাইলটোৰ গতি মন্থৰ বা slow হৈ গৈছে৷ আচলতে স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে নিজেই এনে কিছুমান ভুল কৰি থাকে, যাৰ বাবে ফোনটোৰ গতি মন্থৰ বা ধীৰগতি সম্পন্ন হয়৷ সকলোতকৈ আমোদজনক কথা হ’ল ব্যৱহাৰকাৰীয়ে বুজিয়েই নাপায় যে নিজে কৰা এই ভুলবোৰ কিমান ক্ষতিকাৰক হ’ব পাৰে৷ সেয়ে মন্থৰ হৈ যোৱা স্মাৰ্টফোনৰ কিদৰে গতি দ্ৰুত কৰিব সেই বিষয়ে জানো আহক৷
এণ্ড্ৰয়ড ফোন ব্যৱহাৰীৰ আটাইতকৈ ডাঙৰ ভুলটো হৈছে নিয়মিত তেওঁলোকে ফোনৰ ছফটৱেৰ আপডেট নকৰাটো৷ প্ৰতিটো নতুন আপডেট তথা ত্ৰুটীবোৰ সংশোধন কৰিলে স্মাৰ্টফোনৰ কাৰ্যক্ষমতা আৰু বেটাৰীৰ ম্যাদ বৃদ্ধি পায়৷ নতুন ছফটৱেৰ আপডেট নকৰি পুৰণা ছফটৱেৰ ব্যৱহাৰ কৰি থাকিলে ফোনটো মন্থৰ হৈ পৰে৷
স্মাৰ্টফোনৰ হোম স্ক্ৰিন কাষ্টমাইজ কৰাৰ বাবে বহুতেই নিজৰ পচন্দৰ অপশ্যনবোৰৰ শ্বৰ্টকাট তথা উইজেট ৰাখে৷ সেয়ে স্ক্ৰিনখনত যেতিয়া বেছি শ্বৰ্টকাট বা উইজেট থাকে, তেতিয়া ফোনটোৰ কৰ্মক্ষমতা ব্যৱহাৰ হৈ থাকে৷ আনহাতে হোমস্ক্ৰিন লোড হ’বলৈ ডিভাইচটোৱে বেছি সময় লয়৷ যাৰ ফলত মোবাইলৰ গতি মন্থৰ হয়৷
স্মাৰ্টফোনত অতিৰিক্ত এপ, আলোকচিত্ৰ, গান, ভিডিঅ’ আদি ৰখাৰ ফলত বহু সময়ত আপোনাৰ ফোনৰ মেমৰি ভৰ্তি হৈ যায়৷ যাৰ বাবে মোবাইলটো বাৰে বাৰে হেং হৈ ইয়াৰ কৰ্মক্ষমতা কমি যায় আৰু মন্থৰ গতিত চলিবলৈ ধৰে৷ এই সমস্যা নোহোৱা কৰিবলৈ মোবাইলত থকা অতিৰিক্ত অপ্ৰয়োজনীয় বস্তু ডিলিট কৰি দিব৷
সময়ৰ গতিৰ লগে লগে পুৰণা ফোনৰ পাৰ্ফৰমেন্স কমি থাকে৷ সেই কাৰণে ফোনটো লাহে লাহে মন্থৰ হ’বলৈ আৰম্ভ কৰে৷ যদি ফোনটো নিৰাপদে দীৰ্ঘস্থায়ী কৰি ৰাখিব বিচাৰে তেন্তে মাজে মাজে ফোনটো ৰি-ষ্টাৰ্ট কৰি দিব৷ ফোন ৰি-ষ্টাৰ্ট কৰিলে ইয়াৰ ছফটৱেৰবোৰৰ ত্ৰুটীবোৰ ঠিক হৈ থাকে৷ লগতে ফোনৰ স্পিড বাঢ়ি ইয়াৰ পাৰ্ফৰমেন্স উন্নত হয়৷
যদি আপুনি এণ্ড্ৰয়ড মোবাইলৰ চাৰ্জ শেষ হ’লেও সময়মতে চাৰ্জ নকৰে, তেনেহ’লে ফোনত অতিৰিক্ত চাপ পৰে৷ সেয়েহে ফোনৰ বেটাৰীৰ চাৰ্জ শেষ হোৱাৰ আগে আগে চাৰ্জ কৰিবলৈ নাপাহৰিব৷ প্ৰতিবাৰেই বেটাৰী শূন্য দেখুওৱাৰ সময়ত যদি চাৰ্জ কৰে, ফোনটোৰ কাৰ্যক্ষমতা কমি যায়৷ যাৰ বাবে ফোনটোৰ গতি মন্থৰ হৈ পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here