সৌন্দৰ্যচৰ্চাত হালধিৰ আৱশ্যকতা কিমান?

0
1840

এণ্টিবেক্টিৰিয়েল আৰু এণ্টিবায়’টিক গুণৰ বাবে হালধিক ঔষধি গুণবিশিষ্ট দ্ৰব্য বুলি জনা যায়৷ হালধিত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ ইয়ে দেহত পৰা বয়সৰ চাপ আঁতৰ কৰাত সহায় কৰে৷ ইয়াৰ ঔষধি গুণাগুণৰ ওপৰত ভিত্তি কৰিয়েই ইয়াক বিভিন্ন প্ৰসাধনৰ সামগ্ৰীত ব্যৱহাৰ কৰা হয়৷ হালধিৰ দ্বাৰা কিছুমান ঘৰুৱা পদ্ধতি প্ৰস্তুত কৰি আমাৰ ছালখন সুন্দৰ আৰু সতেজ কৰি ৰাখিব পৰা যায়৷ পিঠাগুড়ি, হালধিৰ গুড়ি আৰু মৌৰ লগত গাখীৰ মিহলাই লগালে ছাল উজ্জ্বল হয়৷ হালধি আৰু বেকিং ছ’ডাৰ লগত বাদামযুক্ত গাখীৰ একেলগে মিহলাই ছালত লগালে ছাল পৰিষ্কাৰ হয়৷ শুকান ছালৰ পৰা পৰিত্ৰাণ পাবলৈ কেঁচা হালধি আৰু গাখীৰৰ সৰ একেলগে মিহলাই ছালত লগালে সুফল পোৱা যায়৷ কেঁচা হালধি আৰু বেচন একেলগে মিহলাই লগালে তেলেতীয়া ছালৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে মুখৰ দাগো নাইকিয়া হয়৷ কেঁচা হালধিৰ লগত কল আৰু গোলাপ জলৰ মিশ্ৰণ লগালে ছালৰ উজ্জ্বলতা বৃদ্ধি হোৱাৰ লগতে ছাল মসৃণ হয়৷ হালধি, বেচন, নেমুৰ ৰস আৰু দৈ একেলগে মিহলি কৰি লগালে ছালখন বগা হয়৷ আলুৰ ৰসৰ লগত হালধি গুড়িৰে তৈয়াৰ কৰা মিশ্ৰণ চকুৰ তলৰ অংশত লগালে ডাৰ্ক চাৰ্কুল নাইকিয়া হয়৷ হালধিৰ লগত চন্দন আৰু দৈৰ মিশ্ৰণ লগালে ক’লা দাগ আঁতৰ হয়৷ ইয়াৰ উপৰি ৰাতিপুৱা খালী পেটত হালধিৰ ৰস খালে ছালখন সুন্দৰ আৰু ইয়াৰ উজ্জ্বলতা বৃদ্ধি হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here