কৃত্ৰিম বুদ্ধিমত্তা চমুকৈ এ আই-এ মানৱ সভ্যতাৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে৷ এই সতৰ্কবাণী শুনাইছে বিশেষজ্ঞসকলে৷ এই বিশেষজ্ঞসকলৰ ভিতৰত অ’পেন এ আই আৰু গুগল ডিপমাইণ্ডৰ মুৰববীও আছে৷ এই সম্পৰ্কত এটা বিবৃতি চেণ্টাৰ ফৰ এ আই চেফটিৰ এটা ৱেবপেজত প্ৰকাশ কৰা হৈছে৷ আনহাতে ভালেমান বিশেষজ্ঞই ইয়াত সন্মতি প্ৰদান কৰিছে৷ বিশেষজ্ঞসকলে এইবুলি সকীয়াই দিছে যে মহামাৰী আৰু পাৰমাণৱিকৰ যুদ্ধৰ দৰে সমাজক প্ৰভাৱিত কৰিব পৰা কাৰকসমূহৰ লগতে কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা ভাবুকিক হ্ৰাস কৰাত বিশ্বই গুৰুত্ব দিব৷ চাটজিপিটিৰ মুখ্য কাৰ্যবাহী ছেম অল্টমেন, গুগল ডিপমাইণ্ডৰ মুখ্য কাৰ্যবাহী ডেমিছ হছাবিছ আৰু এনথ্ৰপিকৰ ডেৰিয়া আমোদেই এই বিবৃতিটোক সমৰ্থন কৰিছে৷ চেণ্টাৰ ফৰ এ আই চেফটিৰ ৱেবছাইটে কৃত্ৰিম বুদ্ধিমত্তাই বিনাশৰ সৃষ্টি কৰিব পৰা কেইবাটাও পৰিদৃশ্যৰ কথা উল্লেখ কৰিছে৷ ইয়াত উল্লেখ কৰা অনুসৰি এ আইক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিব পাৰি৷ উদাহৰণ হিচাপে ড্ৰাগছ ডিস্ক’ভাৰী টুলছক ৰাসায়নিক অস্ত্ৰৰূপে ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত সৃষ্টি কৰা ভুল তথ্যই সমাজত অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে৷ ইয়াৰ লগতে মণ্ট্ৰিয়েল বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ছায়েন্স বিভাগৰ অধ্যাপক যশুৱা বেঞ্জোৱেও এই বিবৃতিটোক সমৰ্থন কৰিছে৷ উল্লেখ্য যে হিণ্টান আৰু বেঞ্জোক কৃত্ৰিম বুদ্ধিমত্তাৰ গডফাদাৰ বুলি কোৱা হয়৷ আনহাতে একাংশ বিশেষজ্ঞৰ মতে কৃত্ৰিম বুদ্ধিমত্তাই মানৱীয়তা নোহোৱা কৰিব বুলি আশংকা কৰা অমূলক বুলিও মন্তব্য কৰিছে৷ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানী অৰবিন্দ নাৰায়ণনৰ মতে কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা হ’ব পৰা ক্ষতিৰ বিষয়টোৰ পৰা এতিয়া আঁতৰি থকাই ভাল৷ তেওঁৰ মতে কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা বিনাশকাৰী ঘটনা ঘটিব পাৰে বুলি ভবাটো বাস্তৱসন্মত নহয়৷