যন্ত্ৰণা-অৱহেলাত তীব্ৰ আৰ্তনাদগছৰ কান্দোন শুনিছে বিজ্ঞানীয়ে

0
573

সৰুৰ পৰাই আমি এই কথাটো শুনি আহিছোঁ যে গছৰো প্ৰাণ আছে৷ অকল প্ৰাণেই নহয়, গছৰ কিন্তু নিজৰ ইচ্ছাও আছে৷ হয়তো জন্মৰ পৰা মৃত্যুপৰ্যন্ত এটা নিৰ্দিষ্ট ঠাইতে, নিজৰ ইচ্ছামতে লৰচৰ কৰিব নোৱাৰে হয়, কিন্তু যন্ত্ৰণাত ছটফটাই থাকে গছে৷ কষ্ট পালে তীব্ৰ আৰ্তনাদ কৰে, অৱহেলা কৰিলে হাওহাওকৈ কান্দে৷ গছৰ এই কান্দোন শুনিছে বিজ্ঞানীয়ে৷ যন্ত্ৰণা বা বেথা পালে নানাৰকম শব্দ কৰে গছে৷ এই সময়ত এবাৰ বা একাধিকবাৰ শব্দ কৰে গছে৷ আনকি যন্ত্ৰণাত গছ ১০-১২ বাৰ আৰ্তনাদ কৰি উঠে৷ মানুহে যিদৰে বেথা পালে কঁপি উঠে, গছৰ ক্ষেত্ৰতো একেই হয়৷ কৃত্ৰিম বুদ্ধিমত্তা জৰিয়তে স্কুল অব প্লেণ্ট ছায়েন্স এল্ড ফুড ছিকিউৰিটিৰ গৱেষক ড॰ লিলাছ হাডনিয়ে গছৰ এই আৰ্তনাদ তথা কান্দোন শুনিবলৈ পাইছে৷ অত্যাধুনিক মাইক্ৰফোনত শব্দৰ কম্পনাংক ৰেকৰ্ড কৰি তেওঁ গছৰ আৰ্তনাদ শুনিবলৈ সক্ষম হৈছে৷ কেনেকুৱা প্ৰচণ্ড যন্ত্ৰণা পালে এনে হৃ
দয়বিদাৰী আৰ্তনাদ বা ক্ৰন্দন বাহিৰ হ’ব পাৰে সেই লৈ বিজ্ঞানীহমহল স্তম্ভিত হৈ পৰিছে৷ বিজ্ঞানীয়ে  কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰা যন্ত্ৰৰ জৰিয়তে গছৰ যন্ত্ৰণাৰ শব্দ শুনিবলৈ সক্ষম হৈছে৷ টমেটো, তামাক, ভূট্টা, কেকটাছ আদি গছক লৈ পৰীক্ষা কৰিছিল বিজ্ঞানীয়ে৷ কোন গছৰ বেথি যত্ন লোৱা হৈছিল, কোনবিধত কম যত্ন লৈছিল, কোন গছৰ পানী একেবাৰে দিয়া হোৱা নাই, কোন গছৰ পাত ছিঙি দিয়া হৈছিল– এই সকলো গছৰে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে শব্দ শুনাৰ চেষ্টা কৰা হৈছিল৷ তেওঁ প্ৰথমে আচৰিত হৈছিল, কিয়নো তেওঁ দেখিছিল যে যিবোৰ গছক অৱহেলা কৰা হৈছিল৷ এই গছবোৰে চিৎকাৰ কৰি উঠিছিল৷  আৰ্তনাদ কৰিছিল৷ এই প্ৰক্ৰিয়াটোৰ বাবে ২০ ৰপৰা ২৫০ কে এইচ জেড অবধি শ্বদৰ কম্পনাংক স্থিৰ কৰি বিজ্ঞানীসকলে ইয়াৰ শব্দ শুনিছিল৷ মানুহে সৰ্বোচ্চ
 ২০ কে এইচ জেড শব্দহে শুনিবলৈ পায়৷ কিন্তু গছে যি শব্দ কৰিছিল সেই আছিল ৪০-৬০ কে এইচ জেড৷ ইয়াৰ পৰা প্ৰমাণিত হৈছে যে গছৰো অনুভূতি আছে আৰু তাৰ বহিঃপ্ৰকাশ কৰে শব্দৰ জৰিয়তে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here