কৃত্ৰিম উপগ্ৰহৰ প্ৰতিসৌৰশিখাই ভাবুকিৰ সৃষ্টি কৰিছে

0
286


সূৰ্যৰ পৰা নিৰ্গত হোৱা সৌৰ শিখাই পৃথিৱীৰ বায়ুমণ্ডলৰ ওপৰৰ অংশৰ তাপমাত্ৰা বৃদ্ধি কৰিছে৷ চলিত বছৰত সৌৰ শিখাই কেইবাবাৰো পৃথিৱীক খুন্দা মাৰিছে৷ ইয়াৰ ফলত থাৰ্ম’স্ফিয়েৰৰ তাপমাত্ৰা বৃদ্ধি কৰিছে৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি, সৌৰ শিখাই থাৰ্ম’স্ফিয়েৰৰ তাপমাত্ৰা যিমান বৃদ্ধি কৰিলে স্বাভাৱিক অৱস্থাত সিমান গৰম হোৱাৰ বাবে ২০ বছৰ লাগিলহেঁতেন৷ উল্লেখ্য যে সূৰ্যৰ বুকুত সৃষ্টি হোৱা সৌৰ ধুমুহা বা ভূ-চুম্বকীয় ধুমুহাৰ ফলত সৌৰ শিখাৰ উৎপন্ন হয়৷ উল্লেখযোগ্য যে সূৰ্যত প্ৰতি ১১ বছৰত সৌৰ ধুমুহাৰ দৰে গতি-বিধি বৃদ্ধি পায়৷ সূৰ্যই প্ৰতি ১১ বছৰত এটা চক্ৰ সম্পূৰ্ণ কৰে৷ ২০২৩ সৌৰ চক্ৰৰ অন্তিম বৰ্ষ৷ ইয়াৰ ফলত সূৰ্যৰ বুকুত শক্তিশালী বিস্ফোৰণৰ লগতে সৌৰ ধুমুহাৰ সৃষ্টি হয়৷ এই সৌৰ ধুমুহাই সৌৰজগতৰ গ্ৰহবোৰকো প্ৰভাৱিত কৰে৷ স্পেচ ৱেদাৰ আৰ্কাইভৰ মতে, সৌৰ শিখাই পৃথিৱীৰ বায়ুমণ্ডলৰ বাহিৰৰ তৰপটো অধিক তপত কৰি তুলিছে৷ এই গৰম বতাহে এতিয়া কৃত্ৰিম উপগ্ৰহবোৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি থাৰ্ম’স্ফিয়েৰৰ গৰম বতাহে কৃত্ৰিম উপগ্ৰহবোৰক নিৰ্ধাৰিত অৱস্থানৰ পৰা স্থানান্তৰিত কৰিব পাৰে আৰু তললৈ ঠেলিব পাৰে৷ কেৱল সিমানেই নহয়, কৃত্ৰিম উপগ্ৰহবোৰক পৰস্পৰে খুন্দা মৰাৰ আৰু ক্ষতি কৰাৰ আশংকা কৰা হৈছে৷ ষ্টাৰলিংকৰ দৰে সৰু উপগ্ৰহৰ অধিক ক্ষতি হোৱাৰ আশংকা কৰা হৈছে৷ বায়ুমণ্ডলৰ ওপৰৰ অংশৰ গৰম বতাহে এই কৃত্ৰিম উপগ্ৰহবোৰক অহৰহ স্পৰ্শ কৰি আছে৷ ইয়াৰ ফলত এই উপগ্ৰহবোৰ নিজৰ কক্ষপথৰ পৰা তললৈ নামি আহিবলৈ ধৰিছে৷ এই বিষয়ে অধ্যয়ন কৰি থকা আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ বিজ্ঞানী মাৰ্টিন মিল্‌নজাকৰ মতে, থাৰ্ম’স্ফিয়েৰৰ তাপমাত্ৰা বৃদ্ধিয়ে পৃথিৱীৰ অভ্যন্তৰীণ বায়ুমণ্ডলত প্ৰভাৱ নেপেলায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here