কৌতূহল : ৮০০টা ৰহস্যময় ঘটনাৰ সম্ভেদ নাছাৰ

0
577


ইউ এফ অ’ক লৈ বিশ্বত কৌতূহল অব্যাহত আছে৷ ইউ এফ অ’ই মানৱ জাতিৰ বাবে গভীৰ ৰহস্য৷ এই ৰহস্যৰ মেৰ এতিয়াও খোল খোৱা নাই৷ আনহাতে ইউ এফ অ’ সন্দৰ্ভত আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ নাছাই গভীৰভাৱে অধ্যয়ন কৰি আছে৷ আনআইডেণ্টিফাইড এন’মেলাছ ফেন’মেনাক বা ইউ এ পিক লৈ অধ্যয়ন কৰি থকা নাছাৰ এখন পেনেলে অলপতে প্ৰকাশ কৰা অনুসৰি তেওঁলোকে প্ৰায় ৮০০ ৰহস্যজনক ঘটনা ধৰা পেলাইছে৷ উল্লেখ্য যে আকাশত বিমান বা প্ৰাকৃতিকভাৱে উৰি থকাৰ ঘটনাৰূপে চিনাক্ত নকৰা ঘটনাক ইউ পি এৰূপে ধৰা হয়৷ অলপতে উক্ত কমিটীৰ এখন বৈঠক অনুষ্ঠিত হৈছিল৷ তাত এই তথ্য দাঙি ধৰা হৈছে৷ ইয়াত অৱসৰপ্ৰাপ্ত মহাকাশচাৰী স্কট কেলীসহ নাছাৰ কেইবাজনো বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিছিল৷ নাছাৰ অল ডমেইন এন’নেলী ৰিজউলেশ্যন অফিচে প্ৰকাশ কৰা অনুসৰি তেওঁলোকে প্ৰতিদিনে ৫০-১০০ টা নতুন তথ্য লাভ কৰে৷ আনহাতে আমেৰিকাৰ সামৰিক বিভাগে প্ৰকাশ কৰা অনুসৰি ২০০৪ চনৰ পাছত সামৰিক পাইলটে দেখা পোৱা ১৪৪টা ঘটনাৰ ভিতৰত এটাক বাদ দি আন সকলোবোৰ অস্পষ্ট৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here