পৃথিৱীৰ অভিমুখে আহি আছে এটা বিশাল গ্ৰহাণু৷ এই গ্ৰহাণুটো প্ৰকৃততে এটুকুৰা প্ৰকাণ্ড শিলাখণ্ড৷ এই শিলাখণ্ডই অহা দহ দিনৰ ভিতৰত পৃথিৱীক খুন্দিওৱাৰ আশংকা কৰা হৈছে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এই সতৰ্কবাণী শুনাইছে৷ নাছাকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ মহাকাশ গৱেষণা সংস্থাই এই শিলাখণ্ডৰ ওপৰত চকু ৰাখিছে৷ ৪৮৮৪৫৩ [১৯৯৪ এক্স ডি] নামৰ এই গ্ৰহাণুৱে অহা দহ দিনত পৃথিৱীৰ কক্ষপথৰ কাষেৰে পাৰ হ’ব৷ ১১ জুনৰ মাজ নিশা ১২-৫৩ বজাত গ্ৰহাণুুটোৱে পৃথিৱীৰ কক্ষপথত খুন্দা মৰাৰ সম্ভাৱনা আছে৷ গ্ৰহাণুটোৰ বেগ হ’ল প্ৰতি ঘণ্টাত ২১.৪৭ কিল’মিটাৰ৷ নাছাৰ নিয়েৰ আৰ্থ অবজেক্ট্ছৰ তালিকাত উল্লেখ কৰা অনুসৰি এই গ্ৰহাণুটোৰ ব্যাস হ’ল প্ৰায় ৮৩০ মিটাৰ আৰু চলিত বছৰত পৃথিৱীৰ কাষ চপা ই হ’ল আটাইতকৈ ডাঙৰ গ্ৰহাণু৷ অৱশ্যে এই গ্ৰহাণুটোৱে পৃথিৱীক খুন্দিওৱাৰ আশংকা কম৷ অৱশ্যে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে শিলাখণ্ডটোক নিজৰ ফালে টানিলে এক মহা প্ৰলয়ৰ সৃষ্টি হ’ব পাৰে বুলি কোৱা হৈছে৷ ইয়াৰ লগতে গ্ৰহাণুটোৱে নিজৰ গতিপথ সলনি কৰিলেও পৃথিৱীত বৃহৎ অঘটনৰ সৃষ্টি কৰিব পাৰে৷ এই গ্ৰহাণুটো প্ৰথমে পৃথিৱীৰ কাষ চাপিছিল ১৯০৪ চনত৷ ইয়াৰ পাছত ১৯৯২ চনতো এবাৰ পৃথিৱীৰ ওচৰলৈ আহে৷