অতিবেঙুনীয়া ৰশ্মিৰ সংস্পৰ্শত উজ্জ্বল জ্যোতিৰ বিচ্ছুৰণ ঘটাব পাৰে, এনে একধৰণৰ নতুন খনিজ পদাৰ্থ আৱিষ্কাৰ হৈছে জাপানত৷ দেশখনৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এন এইচ কে জানিবলৈ দিছে যে জাপানৰ উত্তৰৰ জিলা হোক্কাইডোত আৱিষ্কাৰ হৈছে এই নতুন খনিজ৷ টকিঅ’ৰ থকা ৰাসায়নিক গৱেষণা ইনষ্টিটিউট অব ওছাকা বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে এই নতুন খনিজ পদাৰ্থবিধ আৱিষ্কাৰ কৰিছে৷ গৱেষকৰ দলটোৱে জানিবলৈ দিয়া মতে নতুন খনিজবিধ হৈছে কাৰ্বন আৰু হাইড্ৰজেনৰ দৰে উপাদানেৰে সমৃদ্ধ একধৰণৰ জৈৱ খনিজ পদাৰ্থ, যি জীৱিত প্ৰাণীসত্তাত পোৱা যায়৷ গৱেষকে জনোৱা অনুসৰি প্ৰাকৃতিক পোহৰৰ সংস্পৰ্শলৈ আহিলে এই খনিজবিধ দেখিবলৈ পাতল হালধীয়া ৰঙৰ হয় যদিও অতিবেঙুনীয়া ৰশ্মিৰ সংস্পৰ্শত ইয়াৰ পৰা উজ্জ্বল হালধীয়া বা বগা-হালধীয়া পোহৰৰ বিচ্ছুৰণ ঘটে৷ গৱেষকৰ দলে ইয়াৰ পুংখানুপুংখ বিশ্লেষণ কৰি জানিব পাৰিছে যে এই খনিজ পদাৰ্থবিধ বেনজোপাইৰিন নামৰ উপাদানেৰে এই খনিজ প্ৰস্তুত হয়৷ পেট্ৰলিয়ামৰ মাজত খুব কম পৰিমাণে ই বিদ্যমান থাকে৷ আন্তৰ্জাতিক খনিজ বিজ্ঞান সমিতিয়ে ‘হোক্কাইডোয়েট’ বৈজ্ঞানিক নামেৰে ইয়াক নামকৰণ কৰিছে৷ সংশ্লিষ্ট মহলৰ ধাৰণা মতে মাটিৰ তলত অৱস্থান কৰা জীৱন্ত প্ৰাণীসত্তাৰ অৱশিষ্টাংশ আগ্নেয়গিৰিৰ কাৰণে উত্তপ্ত হৈ সম্ভৱতঃ হোক্কাইডোয়েটৰ উৎপত্তি ঘটে৷ ইয়াৰ ব্যৱহাৰ আৰু ৰায়াসনিক ধৰ্ম সম্পৰ্কে বিস্তাৰিতভাৱে জানিবলৈ ৰাসায়নিক গৱেষণা ইনষ্টিটিউট তথা ওছাকা বিশ্ববিদ্যালয়ৰ গৱেষকৰ দৰে চেষ্টা চলাই আছে৷