বৰ্তমান বিশ্বত এটা গুৰুতৰ সমস্যাই দেখা দিছে, সেয়া হৈছে বিশ্বৰ কেইবাখনো দেশত জন্মৰ হাৰ নিম্নগামী হৈছে৷ উদ্যোগিক বিপ্লৱৰ আঢ়ৈশ বছৰৰ পাছত পৃথিৱীৰ জনসংখ্যা কিছু পৰিমাণে সুস্থিৰ হোৱা বুলি ভবা হৈছিল যদিও সমগ্ৰ বিশ্বৰ জনসংখ্যাৰ বৃদ্ধিৰ বিন্যাস এতিয়া কিন্তু সম্পূৰ্ণ সলনি হ’বলৈ আৰম্ভ কৰিছে৷ পৃথিৱীত ক্ৰমান্বয়ে মানুহৰ সংখ্যা হ্ৰাস হ’বলৈ ধৰিছে৷ বৰ্তমান সমগ্ৰ বিশ্বতে জন্মৰ হাৰৰ অভাৱনীয়ভাৱে হ্ৰাস পাইছে৷ বিশেষকৈ কেইখনমান দেশত এই হাৰ বৃদ্ধিৰ ফলত দেশকেইখনৰ জনসংখ্যা ভাবিব নোৱৰাকৈয়ে কমি গৈছে৷ জানিব পৰা মতে মানুহৰ মৃত্যুৰ বাবে পৃথিৱীত জনসংখ্যাৰ হ্ৰাস হোৱা নাই, বৰঞ্চ জন্মৰ হাৰ আচৰিতধৰণে কমি যোৱাৰ ফলতেই প্ৰায়ভাগ দেশতে জনসংখ্যা কমি যোৱা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে বৰ্তমান সমগ্ৰ বিশ্বৰ ভিতৰত ১২৪খন দেশত জনসংখ্যা অভাৱনীয়ভাৱে হ্ৰাস পাইছে৷ ২০১০ চনত বিশ্বৰ ৯৮খন দেশত জন্মৰ হাৰ আছিল ২.১ শতাংশত তলত৷ ২০২১ চনত এই সংখ্যা বাঢ়ি ১২৪ শতাংশলৈ বৃদ্ধি পায়৷ আনহাতে অনুমান কৰা হৈছে যে এই পৰিস্থিতি অব্যাহত থাকিলে ২০৩০ চনলৈ বিশ্বত জন্মৰ হাৰ ১৩৪ শতাংশলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷ এই বিষয়ে অধ্যয়ন কৰি অহা বিশেষজ্ঞ মেথিয়াছ ড’য়েপকেই কয় যে চীন, ভাৰত, মেক্সিকো, ব্ৰাজিল আদিৰে ধৰি বিশ্বৰ ১২ খন দেশত জন্মৰ হাৰ ২.১ শতাংশৰ তললৈ নামিব৷ বিশ্বৰ জনসংখ্যা হ্ৰাস পোৱাৰ লগে লগে বিশ্বৰ অৰ্থনৈতিক সংকট বৃদ্ধি পোৱাৰ লগতে উৎপাদন আৰু উদ্ভাৱনতো নেতিবাচক প্ৰভাৱ পৰিব৷ যাৰ ফলত বিশ্বৰ শ্ৰমিক তথা কৰ্মী বাহিনীৰ সংখ্যা হ্ৰাস পাব৷ ইয়াৰ প্ৰভাৱ উৎপাদন তথা উদ্ভাৱন ক্ষেত্ৰত পৰিব৷