এই প্ৰচণ্ড গৰমত শৰীৰ শীতল কৰি ৰাখিবলৈ এবিধ আশ্চৰ্যকৰ পানীয় নাম ল’ব পাৰি৷ প্ৰকৃতপক্ষে প্ৰখৰ ৰ’দ তথা গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ঠাণ্ডা পানীয় তথা চেনিযুক্ত পানীয়বিধ সেৱন কৰিলে নিমিষতে আপোনাৰ শৰীৰ শাঁত পেলায়৷ এই পানীয়বিধে শৰীৰৰ ওপৰত মাৰাত্মক যোগাত্মক প্ৰভাৱ পেলায়৷ এই ৰসবিধ সেৱন কৰা লগে লগে শৰীৰে স্বস্তি লাভ কৰে৷ ইয়াৰ আসক্তি সমস্ত স্বাস্থ্য সমস্যাৰ মূল হিচাপে প্ৰমাণিত হ’ব পাৰে৷ এই বিস্ময়কৰ পানীয়বিধৰ নাম হ’ল কুঁহিয়াৰৰ ৰস৷ কুঁহিয়াৰৰ ৰস সেৱন কৰিলে গৰমৰ পৰা সকাহ পোৱাৰ লগতে শৰীৰৰ বিভিন্ন ক্ষেত্ৰত যথেষ্ট উপকাৰ হয়৷ কুঁহিয়াৰৰ ৰসত কেলচিয়াম, আইৰন, পটাচিয়াম, মেগনেচিয়াম, ফচফৰাছ, অণ্টিঅক্সিডেণ্টৰ দৰে গুণাগুণ পোৱা যায়, যি শৰীৰৰ বাবে উপকাৰী৷ সেয়ে শৰীৰক শীতল কৰি ৰখা তথা শৰীৰৰ পুষ্টি পূৰ্ণ হোৱাৰ বাবে স্বাস্থ্যৰ কাৰণে গ্ৰীষ্মকালৰ পানীয় হ’ল কুঁহিয়াৰৰ ৰস৷ কুঁহিয়াৰৰ ৰসে শৰীৰক হাইড্ৰেটেড ৰখাত তথা এই ৰস সেৱন কৰিলে শৰীৰে তৎক্ষণাৎ শক্তি আহৰণ কৰে৷ ইয়াত থকা পুষ্টি উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে৷ যাৰ ফলত বিভিন্ন ৰোগৰ পৰা শৰীৰক ৰক্ষা কৰে৷ কুঁহিয়াৰৰ ৰস সেৱন কৰাৰ ফলত হজম শক্তি উন্নত হয়৷ ইয়াৰ বাবে লিভাৰ সুস্থ হৈ থাকে৷ কোষ্ঠকাঠিন্য, বদহজম আদি সমস্যাৰ পৰা আঁতৰত ৰাখে৷ আনহাতে জণ্ডিচ ৰোগীৰ বাবে কুঁহিয়াৰৰ ৰস স্বাস্থ্যকৰ পানীয় হিচাপে বিবেচিত হৈছে৷ ইয়াত থকা এণ্টিঅক্সিডেণ্টে লিভাৰৰ সংক্ৰমণ ৰোধ কৰে তথা বিলিৰুবিনৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷ ইয়াৰ বাহিৰেও কুঁহিয়াৰৰ ৰসে আমাৰ বিভিন্ন ধৰণে সহায় কৰি শৰীৰ সুস্থ তথা সবল কৰি ৰখাত সহায় কৰে৷